27 C
Guwahati
Saturday, October 16, 2021
More

    পত্নীয়ে নাজানে স্বামীয়ে কি কৰে, শিল্পাই নিজ মুখেই ক’লে -কাম সন্দৰ্ভত কোনো কথা নহয় দুয়ো স্বামী-স্ত্ৰীৰ মাজত

    পত্নীয়ে নাজানে স্বামীয়ে কি কৰে, শিল্পাই নিজ মুখেই ক’লে -কাম সন্দৰ্ভত কোনো কথা নহয় দুয়ো স্বামী-স্ত্ৰীৰ মাজত

    স্বামী-স্ত্ৰীৰ মাজত কোনো কথাৰে লুক ঢাক নাই বুলি কোৱা হয়, পিছে অভিনেত্ৰী শিল্পা ছেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাৰ ক্ষেত্ৰত কিছু ভিন্ন। শিল্পা ছেট্টীয়ে নিজেই কয় এই বিষয়ে।

    দুয়ো স্বামী-স্ত্ৰীৰ মাজত কাম সন্দৰ্ভত কোনো কথা বাৰ্তা নহয়। অশ্লীল ছবি নিৰ্মাণ কৰি গ্ৰেপ্তাৰ হোৱা ৰাজ কুন্দ্ৰাই হেনো কামৰ কোনো কথাই শ্বেয়াৰ নকৰে পত্নী শিল্পাৰ সৈতে।

    এগৰাকী অভিনেত্ৰী হিচাপে শিল্পাও ব্যস্ত থাকে নিজৰ কামত, নিজৰ ফালৰ পৰাও স্বামীক সোধা নহয় কোনো প্ৰশ্ন। ক্ৰাইম ব্ৰাঞ্চে দাখিল কৰা চাৰ্জশ্বিতত এইদৰে উল্লেখ আছে শিল্পা ছেট্টীয়ে আগবঢ়োৱা মন্তব্য।

    উল্লেখ্য যে, জুলাইত অশ্লীল ছবি নিৰ্মাণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চে কালি বুধবাৰে ১৫০০ পৃষ্ঠাৰ এক চাৰ্জশ্বিট দাখিল কৰিছিল।

    সেই চাৰ্জশ্বিততেই ২৩ জুলাই তাৰিখে ৰাজ কুন্দ্ৰাৰ ঘৰত ক্ৰাইম ব্ৰাঞ্চে তালাচি চলোৱা আৰু পত্নী শিল্পাক সোধপোচৰ সময়ত দিয়া মন্তব্য এইদৰে সবিশেষ উল্লেখ আছে।

    লগতে যিমানখিনলৈ জানে সেই সন্দৰ্ভত কোৱা মতে উল্লেখ আছে যে, ৰাজৰ ব্যৱসায়ত অভিনেত্ৰী সকলে নিজৰ ইচ্চা মতেই আহে, ইয়াক কাকো কোনোধৰণৰ জোৰ কৰা নহয়।

    ২০১৯ চনত ৰাজ কুন্দ্ৰাই এই কোম্পানীত জইন কৰিছিল। অ টি টি প্লেটফৰ্মত ব্যৱসায় ভাল চলি আছিল। ৰাজৰ সহযোগী উমেশ কামাথক ভালদৰে চিনি পাই শিল্পাই ।

    অৱশ্যে কোনো এপৰ বিষয়ে কোনো ধৰণৰ জ্ঞাত নহয় শিল্পা। বেলিফেম এপৰ বিষয়ে একো নাযানে।

    আৰু পঢ়ক : অধিনায়কত্ব এৰাৰ কথা ঘোষণা বিৰাট কোহলীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং