30 C
Guwahati
Friday, September 17, 2021
More

    স্বামী আৰক্ষী জিম্মাত, প্ৰথমবাৰলৈ মুখ খুলিলে পত্নী শিল্পা শেট্টীয়ে, ক’লে..মই বহুত সৌভাগ্যশালী মই জীৱিত

    স্বামী আৰক্ষী জিম্মাত, প্ৰথমবাৰলৈ মুখ খুলিলে পত্নী শিল্পা শেট্টীয়ে, ক’লে..মই বহুত সৌভাগ্যশালী মই জীৱিত

    বলীউড অভিনেত্ৰী শিল্পা শেট্টীৰ আজি এখন ছবি মুকলি হব। হাংগামা ২- ছবিখনেৰে বলীউডত দ্বিতীয় বাৰলৈ খোপনি পুতিবলৈ ইচ্ছা কৰা শিল্পাৰ পিছে স্বামী ৰাজ কুন্দ্ৰাৰ গোচৰে ওলট-পালট লগাই দিলে। যাৰ বাবে স্বামী আটক হোৱাৰ দিনৰে পৰা লোকচক্ষুৰ পৰা আঁতৰত আছিল শিল্পা।

    পিছে অৱশেষত প্ৰথমবাৰলৈ ইনষ্টাগ্ৰামত এক পোষ্ট আপলোড কৰি সমুখলৈ আহিল শিল্পা। কলে- মই বহুত সৌভাগ্যশালী মই জীৱিত , পূৰ্বেও প্ৰত্যাহ্বানৰ পৰা ৰক্ষা পাইছিলো, ভৱিষ্যতেও প্ৰত্যাহ্বানৰ পৰা ৰক্ষা পাম। ..

    পৰ্ণ ছবি বনোৱা আৰু পৰ্ণ ছাইটত সেই ছবি সমূহ আপলোড কৰি গ্ৰেপ্তাৰ হৈছিল ৰাজ কুন্দ্ৰা। যি ঘটনাৰ বাবে লগে লগে সকলো দৃশ্যগ্ৰহণ এৰি ঘৰলৈ গুচি আহিছিল শিল্পা শেট্টী। আনকি ছুপাৰ ডাঞ্চাৰ ছেটৰ পৰাও গুছি আহিছিল। পিছত শিল্পাৰ ঠাইত কৰীশ্মা কাপুৰক লৈ দৃশ্য গ্ৰহণ আগবঢ়াইছিল ছুপাৰ ডাঞ্চাৰ ছেটে।

    শিল্পাই পোষ্টটোত আৰম্ভণিতে কোনো এক কিতাপৰ অংশ তুলি দিয়ে, তাৰ পাছত নিজৰ মন্তব্য দাঙি ধৰে। আনহাতে আজি ২৩ জুলাই তাৰিখে ৰাজ কুন্দ্ৰাৰ শুনানি আছে। গ্ৰেপ্তাৰ হোৱা দিনৰে পৰা আৰক্ষী জিম্মাত আছে ৰাজ কুন্দ্ৰা।

    আৰু পঢ়ক : পুনৰ চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন, এইবাৰ দুখন কৈ অসমৰ বিদ্যালয় নিজৰ দখললৈ নিলে …

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং