24 C
Guwahati
Saturday, September 18, 2021
More

    পৰ্ণ নিৰ্মাণ! ”তুমি কিয় এনে কৰিলা ৰাজ, পৰিয়ালৰ বদনাম হ’ল” ছিল্পাই খঙতে ক’লে স্বামীক

    পৰ্ণ নিৰ্মাণ! ”তুমি কিয় এনে কৰিলা ৰাজ, পৰিয়ালৰ বদনাম হ’ল” ছিল্পাই খঙতে ক’লে স্বামীক

    পৰ্ণ ছবি নিৰ্মাণৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ছিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা। বিগত ডেৰ বছৰত ২০০ ৰো অধিক পৰ্ণ নিৰ্মাণৰ তথ্য পোহৰলৈ আহিছে।

    প্ৰতিদিনেই ৰাজৰ বিৰুদ্ধে নতুন নতুন তথ্যৰ সন্ধান কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত ২৩ জুলাইত ৰাজৰ পত্নী ছিল্পাক সোধা পোচা কৰে আৰক্ষীয়ে।

    শুকুৰবাৰে ক্ৰাইম ব্ৰাঞ্চে ৰাজত লগত লৈ ছিল্পাৰ ঘৰলৈ সোধ পোচৰ বাবে যায়। ৰাজক দেখিয়েই অভিনেত্ৰী গৰাকীয়ে ছিঞৰি কয় যে ‘‘তুমি এইবোৰ কিয় কৰিলা। এইবোৰৰ বাবে পৰিয়ালৰ বদনাম হ’ল। বহু বিচনেছ ডিলো হাতৰ পৰা গ’ল”। উল্লেখ্য যে, ছিল্পা মানসিকভাৱে যথেষ্ঠ ভাগি পৰিছে।

    অভিনেত্ৰী গৰাকীক ছয় ঘন্টা ধৰি সোধ পোচ কৰা হয়। ক্ৰাইম ব্ৰাঞ্চে কয় যে এই গোচৰত ছিল্পাৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই। তেওঁ জড়িত নাছিল গতিকে আৰু সোধ পোচ নকৰো।

    কিন্তু ৰাজে এতিয়ালৈকে কৈ আছে যে তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন হৈছে। এই গোচৰ ভিত্তহীন।

    আৰু পঢ়ক : জাৰ্মানৰ প্ৰতিদ্বন্দ্বিৰ বিৰুদ্ধে জয়লাভ লাভলীনাৰ, প্ৰৱেশ কোৱাৰ্টাৰ ফাইনেলত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং