27 C
Guwahati
Sunday, October 17, 2021
More

    বহু দিনৰ অন্তত শিল্পাৰ পোষ্ট, ‘কিছু ভুল সিদ্ধান্ত ল’লো,’ কেৰিয়াৰ সংকটত ৰাখিব নোৱাৰি….

    বহু দিনৰ অন্তত শিল্পাৰ পোষ্ট, ‘কিছু ভুল সিদ্ধান্ত ল’লো,’ কেৰিয়াৰ সংকটত ৰাখিব নোৱাৰি….

    বহু দিনৰ মুৰত সামাজিক মাধ্যমলৈ ঘুৰি আহিছে শিল্পা ছেট্টী। স্বামী ৰাজ কুন্দ্ৰাৰ ১৫০০ পৃ্ষ্টাৰ চাৰ্জশ্বিট দাখিলৰ পিছতে এক পোষ্ট কৰিছে শিল্পাই। যি পোষ্টত লিখিছে কিছু ভুল সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা।

    আনহাতে কেৰিয়াৰ সংকটতৰ ফালে যাব নিদি পুনৰ কামলৈ উভতিছে শিল্পা। দুই সন্তান আৰু পৰিয়ালৰ কথা ভাবিয়েই কেমেৰাৰ সমুখত সহজ হবলৈ চাইছে, সকলোৰে সৈতে হাঁহি ধেমালীৰে কথা বতৰাও হৈছে শিল্পা ছেট্টী।

    সদ্যহতে শ্বেয়াৰ কৰা পোষ্ট অৱশ্যে কিছু ভিন্ন। কিয়নো লিখাৰ সলনি কোনো এক কিতাপৰ পৃষ্টাৰ দৰে লগা এক লেখা শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। পিছে সেই পৃষ্টাত কথাৰ লগতে লিখা আছে তাৰিখো, ১৭ ছেপ্টেম্বৰ।

    পোষ্টটো শ্বেয়াৰ কৰি শিল্পাই লিখিছে , ‘কিছু ভুল সিদ্ধান্ত লোৱা হল, কিন্তু পুৰণি সময় পাহৰি আগ বাঢ়িব বিচাৰো। ভুল বোৰ পুনৰ কৰিব নিবিচাৰো, তাৰে সলনি সেই ভুলৰ পৰা পাঠ শিকি আগবাঢ়িব হে বিচাৰো। আশে পাশে থকা লোক সকলৰ সৈতে আৰু ভালদৰে মাত বোল কৰিব বিচাৰো।’

    লগতে ইয়াকো লিখিছে যে, ‘কোনোৱে এৰি থৈ অহা দিনবোৰ উভতাই আনিব নোৱাৰে, নতুন আৰম্ভণিহে কৰিব পাৰে। সকলোৱেই এতিয়াই নতুন আৰম্ভণি কৰিব পাৰে আৰু এটা সুন্দৰ সামৰণি কৰিব পাৰে।’ এই পোষ্টৰ লগতে শিল্পাই এক ডাঙৰ হাৰ্ট শ্বেপো শ্বেয়াৰ কৰিছে।

    আৰু পঢ়ক : ভাৰতত এদিনতে অষ্ট্ৰেলিয়াৰ জনসংখ্যাৰ সমানুপাতিক লোকক ভেকচিন প্ৰদানৰ অভিলেখ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং