কোনোবা বাচিবলৈ হাজেলাক অসমৰ পৰা বদলি কৰা হৈছেঃ শিলাদিত্য দেৱ

অসম ধবংস কৰি হাজেলা যাবলৈ ওলোৱাৰ পাছতো জাতীয় সংগঠনসমূহ নিমাত কিয় বুলিও মন্তব্য শিলাদিত্য দেৱৰ

0
540
হিন্দু সুৰক্ষাৰ বাবে মই বিজেপি ত্যাগ নকৰো, হোজাইত আজমলৰ দপদপনি কেতিয়াও সহ্য নহয়: শিলাদিত্য
ফাইল ফটো

কোনোবা বাচিবলৈ হাজেলাক অসমৰ পৰা বদলি কৰা হৈছে, এয়া এক হাই ড্ৰামা, এক ষড়যন্ত্ৰ।’- প্ৰতীক হাজেলাক বদলিকৰণক লৈ পুনৰ শিলাদিত্য দেৱৰ বিস্ফোৰক মন্তব্য। হাজেলাক কিয় মধ্যপ্ৰদেশলৈ বদলি কৰিব লগা হ’ল, তাত কংগ্ৰেছৰ চৰকাৰ থকাৰ বাবে হাজেলাক বদলি কৰা হ’ল নেকি বুলি প্ৰশ্ন উত্থাপন বিধায়ক দেৱৰ।

অসম ধবংস কৰি হাজেলা যাবলৈ ওলোৱাৰ পাছতো জাতীয় সংগঠনসমূহ নিমাত কিয় বুলিও মন্তব্য শিলাদিত্য দেৱৰ। ৰঞ্জন গগৈৰ সততাৰ ওপৰত সন্দেহ শিলাদিত্য দেৱৰ। ১৬শ কোটি টকা খৰচ কৰি NRCৰ কাম হ’ল, উচ্চতম ন্যায়ালয়ৰ ওপৰত যেতিয়া সাধাৰণ জনতাৰ আস্থা নাইকিয়া হয়, সেয়া অতি দুৰ্ভাগ্যৰ বিষয়।’- এই মন্তব্য বিধায়ক শিলাদিত্য দেৱৰ।

হাজেলাক অসমৰ পৰা পলাবলৈ ‘মাই লৰ্ডে’ ব্যৱস্থা কৰি দিলে, হাজেলাৰ লগত কাৰোবাৰ গোপন বুজাবুজি আছে বুলি অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে। ১৭ নৱেম্বৰত মহা বিস্ফোৰণ ঘটোৱাৰ হুংকাৰ শিলাদিত্যৰ।