গাদী আৰু টিকটৰ পৰা বঞ্চিত হ’ল শিলাদিত্যঃ “অৱশেষত মোক বিজেপিয়ে গতিয়াই উলিয়াই দিলে”

0
5361
গাদী আৰু টিকটৰ পৰা বঞ্চিত হ'ল শিলাদিত্যঃ

গাদী আৰু টিকটৰ পৰা বঞ্চিত হ’ল শিলাদিত্যঃ “অৱশেষত মোক বিজেপিয়ে গতিয়াই উলিয়াই দিলে”

ৰাজ্যত নিৰ্বাচনী গৰম বতাহ। কোন সমষ্টিত কোনে প্ৰাৰ্থীত্ব লাভ কৰিব সৰ্বত্ৰে চৰ্চা।

অৱশেষত গাদী আৰু টিকট গ’ল বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ হাতৰ পৰা। আগন্তুক নিৰ্বাচনৰ বাবে বিজেপিৰ পৰা টিকট নাপালে শিলাদিত্যই। শিলাদিত্যৰ বিপৰীতে হোজাইৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হ’ল ৰামকৃষ্ণ ঘোষ।

হোজাইত দীৰ্ঘদিন ধৰি বিধায়কৰ আসন অলংকৃত কৰিছিল শিলাদিত্য দেৱে। শেহতীয়াকৈ এক বিতৰ্কিত মন্তব্যৰ বাবে নিৰ্বাচনী আয়োগৰ ৰোষত পৰিল শিলাদিত্য দেৱ।

এই বাতৰিৰ পিছতে ফেচবুকযোগে বিজেপিয়ে অৱশেষত মোক গতিয়াই উলিয়াই দিলে পোষ্ট কৰে বিধায়কগৰাকীয়ে।

দলৰ নিৰ্দেশনা অনুসৰি দিল্লীৰ অসম ভৱনত সংবাদমেলযোগে ক্ষমা বিচাৰিছিল বিধায়কজনে। কেৱল এইয়াই নহয় সততে বিতৰ্কিত মন্তব্যৰে শিৰেনামা দখল কৰি আহিছে শিলাদিত্য দেৱে।

লগতে হাইলাকান্দিত বিজেৰি প্ৰাৰ্থী হ’ব মিলন দাস, ছিপাঝাৰত পৰমানন্দ ৰাজবংশীয়ে বিজেপিৰ পৰা টিকট লাভ কৰিছে।

ইয়াৰ পিছতে শিলাদিত্যই নিৰ্দলীয়ভাৱে খেলাৰ সম্ভাৱনা যথেষ্ট পৰিমানে স্পষ্ট হৈছে।

আৰু পঢ়ক :  ইছলাম ৰাষ্ট্ৰ গঠনৰ কথা কোৱা নাছিল আজমলে!ভিডিঅ’ সন্দৰ্ভত কি ক’লে নেতা গৰাকীয়ে…