
‘৬নং দফাত খিলঞ্জীয়া বুলি কোনো কথা নাই, তাত অসমীয়া বুলিহে আছে।’- ৬নং দফা কাৰ্যকৰীকৰণক লৈ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীৰ প্ৰতিক্ৰিয়া প্ৰকাশ। ১৯৫১ ভিত্তিবৰ্ষ হ’লে প্ৰকৃত ভাৰতীয় বাদ পৰিব নেকি সেয়াও চাব লাগিব। ১৯৫১ ভিত্তিবৰ্ষ কৰাটো সংবিধানে সমৰ্থন নকৰে। উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলেই বাতিল হ’ব বুলিও কয় কংগ্ৰেছ বিধায়কগৰাকীয়ে।
CAA বিৰোধী আন্দোলনে কৰা ক্ষতিপূৰণ কৰিবলৈ বিজেপিয়ে কৰা কাৰচাজি এয়া। সন্মুখত ২১ৰ নিৰ্বাচন আছে, নিৰ্বাচনক কেন্দ্ৰ কৰিয়ে এই পদক্ষেপ। বিজেপিৰ বাবে এয়া কাৰ্যকৰী কৰাটো সম্ভৱ নহয়। ILP মই সমৰ্থন কৰো, অসমৰ মানুহৰ মাটি আৰু সংস্কৃতি আদি সুৰক্ষিত হ’ব বুলিও মন্তব্য কৰে শ্বেৰমান আলীয়ে।
Photo: Time8