28 C
Guwahati
Friday, September 17, 2021
More

    বিস্ফোৰক অভিযোগ, ‘শিল্পাৰ সৈতে সুখি নাছিল ৰাজ, প্ৰায়ে জোৰ কৈ …”- শ্বাৰ্লিন চোপ্ৰা

    বিস্ফোৰক অভিযোগ, ‘শিল্পাৰ সৈতে সুখি নাছিল ৰাজ, প্ৰায়ে জোৰ কৈ …”- শ্বাৰ্লিন চোপ্ৰা

    অভিনেত্ৰী শ্বাৰ্লীন চোপ্ৰাৰ বিস্ফোৰক অভিযোগ, পত্নী শিল্পা ছেট্টীক লৈ হেনো সুখি নহয় ৰাজ কুন্দ্ৰা । যাৰ বাবে বহু বাৰ শ্বাৰ্লীনক প্ৰেমৰ প্ৰস্তাৱ দিছে। লগতে বহু কেইবাৰ জোৰকৈ চুম্বনো কৰিছে।

    বৰ্তমানে পৰ্ণ ছবি বনোৱা আৰু ছাইটত আপলোড কৰাৰ অপৰাধত ২৭ জুলাই তাৰিখৰ পৰা ১৪ দিনৰ ন্যায়িক জিম্মাত আছে ৰাজ কুন্দ্ৰা। বহু কেইগৰাকী অভিনেত্ৰী আৰু মডেলে ৰাজ কুন্দ্ৰাৰ ওপৰত অভিযোগ উত্থাপন কৰিছিল।

    এইবাৰ অভিনেত্ৰী শ্বাৰ্লীন চোপ্ৰাই অভিযোগ উত্থাপন কৰিছে। যৌন শোষণৰ অভিযোগ অভিনেত্ৰীগৰাকীৰ। ২০১৯ চনতে হেনো শ্বাৰ্লীনক প্ৰস্তাৱ আগবঢ়াইছিল ৰাজে। ৰাজেই হেনো শ্বাৰ্লীনক এডাল্ট ইণ্ডাষ্ট্ৰীত আনিছিল।

    কোনো এক কথাৰ তৰ্কাতৰ্কী হোৱাৰ বাবদ ৰাজ কুন্দ্ৰাই এদিন স্বাৰ্লীনৰ ঘৰ গৈ উলাছিল। আৰু তাতেই স্বাৰ্লীনৰ অনুমতি অবিহনে জোৰ কৈ চুম্বন কৰিবলৈ ধৰিছিল। পিছে স্বাৰ্লীনে কোনো বিবাহিত পুৰুষৰ সৈতে সম্বন্ধ ৰখাৰ বাবে অমান্তি হয়।

    ৰাজ কুন্দ্ৰাই হেনো শিল্পাৰ সৈতে সুখী নাছিল। সেয়ে অধিক সময় পৰা পক্ষত ঘৰৰ বাহিৰতে সময় কটাইছিল । ঘৰত থকা সময়তো মানসিক কষ্ট ভুগিছিল। অভিনেত্ৰী গৰাকীয়ে চলিব বৰ্ষৰে এপ্ৰিল মাহত যৌন শোষণৰ অভিযোগ তুলি ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰতো গোচৰ ৰুজু কৰিছিল।

    উল্লেখ্য যে, ৰাজ কুন্দ্ৰাৰ সৈতে শ্বাৰ্লীনে বহু কেইটা প্ৰজেক্টত কাম কৰিছিল। একোট একোটা প্ৰজেক্টৰ বাবদ ৩০ লাখ পৰ্যন্ত টকা লাভ কৰিছিল শ্বৰ্লিনে।

    আৰু পঢ়ক : গুৱাহাটীস্থিত মিজোৰাম ভৱনত গামোচা উৰুৱাবলৈ প্ৰতিবাদ সাব্যস্ত বীৰ লাচিত সেনাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং