মাতৃক ডাইনী সজাইছিল গাঁওবাসীয়ে,‘ডাইনীৰ ঘৰ’ নাম দিছিল তেওঁলোকৰ ঘৰখনক! আজি কন্যাই ভাৰতৰ হৈ ক্ৰিকেট খেলি জয় কৰিলে ১৯ অনুৰ্ধ্ব মহিলা বিশ্বকাপ…

0
208

এদিন মাতৃক ডাইনী সজাই গালি দিছিল গাঁওবাসীয়ে,‘ডাইনীৰ ঘৰ’ নাম দিয়া হৈছিল তেওঁলোকৰ মৰমৰ ঘৰখনক! আজি কন্যাই ভাৰতৰ হৈ ক্ৰিকেট খেলি জয় কৰিলে ১৯ অনুৰ্ধ্ব মহিলা বিশ্বকাপ…

সময় গতিশীল, ই কোনো লোকৰে হাতত ৰৈ নাথাকে। এদিন সকলোৱে ডাইনী নাম দিছিল এই মহিলাগৰাকীক। বাটেৰে পাৰ হৈ গ’লে যদি মহিলাগৰাকীৰ সৈতে দেখা হয়, তেন্তে যাত্ৰা অশুভ হোৱা বুলি গালি দিছিল।

গিৰিয়েকৰ পিছত পুতেকৰো মূৰ খোৱা বুলি অকথ্য মানসিক নিৰ্যাতন চলোৱা হৈছিল মহিলাগৰাকীৰ ওপৰত। ‘ডাইনীৰ ঘৰ’ নাম দিয়া হৈছিল তেওঁলোকৰ মৰমৰ ঘৰখনক।

সেইগৰাকী মহিলাৰ কন্যাই এতিয়া দেশৰ হৈ খেলি ১৯ অনুৰ্ধ্ব মহিলা বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ জয়লাভত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাত ধাৰণা সলনি হ’ল সকলো মানুহৰে।

উত্তৰ প্ৰদেশৰ উন্নাওৰ নিৱাসী এই মহিলগৰাকীৰ নামেই হৈছে সাৱিত্ৰী দেৱী। ১৯ অনুৰ্ধ্ব মহিলা বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ফাইনেলত ভাৰতৰ হৈ দুটা উইকেট দখল কৰি জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বলাৰ অৰ্চনা দেৱীৰ মাতৃ সাৱিত্ৰী দেৱী।

উল্লেখ্য যে, ২০০৭ চনত মৃত্যু ঘটিছিল অৰ্চনাৰ পিতৃ শিৱৰামৰ। তাৰ কিছুদিন পিছতে সৰ্প দংশনত মৃত্যু ঘটে অৰ্চনাৰ সৰু ককায়েক বুদ্ধিমানৰো।

ইয়াৰ পিছতেই মাতৃ সাৱিত্ৰী দেৱীক ডাইনী সজাই গোটেই পৰিয়ালটোক অকথ্য নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে গাঁওবাসীয়ে। মাতৃ সাৱিত্ৰীক বাটত দেখিলেই যাত্ৰা অশুভ হোৱা বুলিও গালি-গালাজ কৰিবলৈ লয় গাঁওবাসীয়ে।

অৰ্চনাৰ সৰু ককায়েকে ক্ৰিকেট খেলিছিল। তেওঁৱেই অৰ্চনাক খেলিবলৈ শিকাইছিল ক্ৰিকেট। সৰ্পদংশনত বুদ্ধিমানৰ মৃত্যু ঘটাৰ পূৰ্বে অৰ্চনাক বাৰে বাৰে তেওঁ কৈছিল- ‘তই ভাৰতৰ হৈ এদিন খেলিব লাগিব।’

তাৰ পিছতে দেওবাৰে ১৯ অনুৰ্ধ্ব মহিলা বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে দুটা উইকেট লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে অৰ্চনাই।তাৰ পিছতে যিখন ঘৰৰ চোতালত এদিন মানুহে খোজ দিবলৈ টান পাইছিল, সেই ঘৰলৈকে এতিয়া সোঁত বৈছে মানুহৰ।