
ৰাজ্যৰ এক অদ্ভুত প্ৰেম কাহিনী! প্ৰেমৰ বাবেই এৰিলে স্বামী, সন্তান সকলো, নায়কৰ চৰিত্ৰ নথকা প্ৰেম এতিয়া মানি নলয় সমাজে, দুই মাতৃয়ে নিজকে শেষ কৰাৰ ভাবুকি…
ৰাজ্যৰ এক অদ্ভুত প্ৰেম কাহিনী। সোঁতৰ বিপৰীতে গৈ তিনি বছৰ ধৰি ইজনী সিজনীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি আহিছে দুই যুৱতীয়ে। ইজনীয়ে আনজনীক পাবলৈ দুগৰাকী প্ৰেমিকাই নিজৰ বিবাহিত স্বামী – সন্তানক এৰি গুচি আহিছে কিন্তু পৰিয়াল আৰু সমাজৰ লোকে মানি ল’ব পৰা নাই এই যুৱতীৰ প্ৰেমৰ সম্পৰ্ক ।
ইজনীয়ে আনজনীৰ অবিহনে জীয়াই থাকিব নোৱাৰে। উপায় বিহীন হৈ সেয়ে সমাজ আৰু পৰিয়ালৰ বিৰুদ্ধে জেহাদ ঘোষনা কৰিছে দুয়ো। তেওঁলোকৰ প্ৰেমৰ স্বীকৃতি প্ৰদান কৰক অন্যথাই দুয়ো আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান সংবাদ মাধ্যমৰ আগত।
এই ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ পূব এংকৰবাৰীৰ খালপাৰা গাঁৱত। গাঁও খনৰ এগৰাকী বিবাহিতা মহিলা তথা এটা সন্তানৰ মাতৃয়ে আন এগৰাকী মহিলাৰে তিনি বছৰে প্ৰেমৰ সম্পৰ্ক থকাৰ দাবী কৰিছে।
ইয়াৰে এগৰাকী মহিলাৰ স্বামীৰ ইতিমধ্যে মৃত্যু হৈছে। অন্য বিবাহিতা মহিলা গৰাকীৰ দাবী সমাজে মানি ল’লে তেওঁৰ স্বামীয়ে সন্মতি দিব তেওঁ লোকৰ বিয়াত।