মৃত্যুৰ ওচৰত হাৰ মানিলে কলিজা আইতায়ে! জীৱনৰ শেষ সময়ছোৱাত কৰি থৈ গ’ল মানৱদৰদী চিন্তা, মৃত্যুৰ পূৰ্বেই দান কৰি থৈ গৈছে নিজৰ…

0
111

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে কলিজা আইতায়ে! জীৱনৰ শেষ সময়ছোৱাত কৰি থৈ গ’ল মানৱদৰদী চিন্তা, মৃত্যুৰ পূৰ্বেই দান কৰি থৈ গৈছে নিজৰ…

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে কলিজা আইতাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ আই চি ইউত বৃহস্পতিবাৰে প্ৰায় ১০:৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে আইতাই।

অতি কুমল মনৰ আইতা গৰাকীৰ ভাল নাম আছিল শুভ্ৰদা দেৱী। প্ৰথমে মাডাৰ অল্ড এজ হোমৰ আৱাসী হলেও পৰৱৰ্তী সময়ত প্ৰমোদ তালুকদাৰৰ অল্ড এজ হোমত বাস কৰিছিল তেওঁ। ১০৭ বছৰীয়া এই আইতাগৰাকী সকলোৰে মাজত জনপ্ৰিয় আছিল।

হাঁহি, ফুৰ্তি কৰি থকা শুভ্ৰদা দেৱীয়ে স্বাধীনতা আন্দোলনৰ সময়ত প্ৰত্যক্ষ ভাৱে অংশ লৈছিল। ডাঙৰ পুত্ৰৰ মৃত্যুৰ পিছত স্বইচ্ছাই তেওঁ বৃদ্ধাশ্ৰমৰ আৱাসী হৈছিলহি।

সকলোৱেই মৰমৰ আইতা গৰাকীয়ে জীৱনৰ শেষ সময়ছোৱাত কৰি থৈ গ’ল মানৱদৰদী চিন্তা। মৃত্যুৰ পূৰ্বেই নেত্ৰদান কৰি থৈ গৈছে কলিজা আইতাই।