19 C
Guwahati
Sunday, December 5, 2021
More

    ২টাকৈ দলবদ্ধ ধৰ্ষণৰ ৩ জন দোষীৰ ফাঁচীৰ ৰায় উঠাই আদালতে বিহিলে যাৱজ্জীৱন কাৰাদণ্ড

    বোম্বে উচ্চ ন্যায়ালয়ে ২০১৩ বৰ্ষত শক্তি মিল দলবদ্ধ ধৰ্ষণৰ ওপৰত বৃহস্পতিবাৰে এক শুনানি গ্ৰহণ কৰে। আদালতে দলবদ্ধ ধৰ্ষণৰ ৩ দোষীৰ ওপৰত থকা ফাঁচীৰ ৰায় স্থগিত কৰে।

    আদালতে ফাঁচীৰ সলনি ৩ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। উল্লেখ্য যে, ২০১৩ চনত শক্তিমিল দলবদ্ধ ধৰ্ষণৰ দুটাকৈ গোচৰ আছিল। এটা গোচৰ আছিল এগৰাকী ফটো সাংবাদিকৰ লগত হোৱা দলবদ্ধ ধৰ্ষণ আৰু আন এটা ফোন এপৰেটৰ গোচৰ।

    ফটো সাংবাদিকৰ গোচৰৰ ৫ জন দোষী আছিল যাৰ ভিতৰত এজন কিশোৰ আছিল। অন্যহাতে টেলিফোন অপৰেটৰৰ গোচৰৰ ৫ জন দোষীৰ এজন কিশোৰ আছিল। দুয়োটা গোচৰৰ ৩ জন দোষী একেই আছিল।

    ২০১৩ চনৰ ২২ আগষ্টত ফটো সাংবাদিক গৰাকীৰ লগত দলবদ্ধ ধৰ্ষণকাণ্ড সংঘটিত হয়।তাৰপিছতেই এই  ঘটনা সন্দৰ্ভত গোচৰ ৰুজু হয় আৰু ৫জনকৈ লোক গ্ৰেপ্তাৰ হয়।

    এই ঘটনাৰ পিছত ৩ ছেপ্টেম্বৰত আন এটি দলবদ্ধ ঘটনাৰ খবৰ পোহৰলৈ আহে।এই গোচৰৰ ভিত্তিত ১৯ বছৰীয়া যুৱতী গৰাকীৰ লগত ৩১ জুলাইত ৫ জনকৈ লোকে দলবদ্ধ ধৰ্ষণ কৰিছিল।

    এই ঘটনা দুটাৰ দোষী মহম্মদ কাছিম, মহম্মদ চলীম অঞ্চাৰী আৰু বিজয় মোহন যাদৱক ফাঁচীৰ ৰায় দিছিল আৰু ছিৰাজ ৰহমান খান,মহম্মদ আছফাক ছেখ,চান্দ বাবু আৰু যাদৱক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল।

    এই ঘটনা সন্দৰ্ভত মুম্বাই ক্ৰাইম ব্ৰাঞ্চে ২০১৩ চনৰ ১৯ ছেপ্টেম্বৰত ৬০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল।এই গোচৰৰ ওপৰত ১৪ অক্টোবৰৰ পৰা ট্ৰায়েল আৰম্ভ হয়। তাৰপিছতেই ২০১৪ চনৰ ৪ এপ্ৰিলত ৩জনক ফাঁচী আৰু বাকী কেইজনক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল।

    কিন্তু আজি আদালতে ফাঁচীৰ ৰায় উঠাই লৈ ৩ জন দোষীক যাৱজ্জীৱন কাৰাদণ্ড বিহে।

    আৰু পঢ়ক : এলিয়েন হোৱাৰ হেঁপাহ! কাটি পেলালে নাক, কান, ওঠ, হাতৰ আঙুলিৰ লগতে কৰিলে আৰু বহু কিবা কিবি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং