৭ অক্টোবৰলৈ এন চি বিৰ জিম্মাতেই থাকিব লাগিব শ্বাহৰুখ পুত্ৰ আৰিয়ান …

0
7447
৭ অক্টোবৰলৈ এন চি বিৰ জিম্মাতেই থাকিব লাগিব শ্বাহৰুখ পুত্ৰ আৰিয়ান …

৭ অক্টোবৰলৈ এন চি বিৰ জিম্মাতেই থাকিব লাগিব শ্বাহৰুখ পুত্ৰ আৰিয়ান …

আৰু কেইটামান দিন ন্যায়িক জিম্মাত থাকিব লাগিব বলীউড বিগ ষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান। শনিবাৰে মুম্বাইৰ এখন বিলাসী জাহাজত ড্ৰাগছৰ পাৰ্টীত থকা আৰু ড্ৰগছ ব্যৱহাৰৰ গোচৰত আটক কৰিছিল আৰিয়ানক।

আৰু আজি এন চি বিয়ে ন্যায়ালয়ত হাজিৰ কৰাইছিল আটকাধীন কেউজনকে। এন চি বিয়ে ১১ বা ১৩ অক্টোবৰলৈ বিচাৰিছিল জিম্মাত। পিছে ন্যায়ালয়ে ৭ অক্টোবৰলৈ এন চি বি ৰ জিম্মালৈ প্ৰেৰণ কৰে শ্বাহৰুখ পুত্ৰক।

কালিৰ দিনটোও এন চি বিৰ ৰিমাণ্ডতে আছিল আৰিয়ান। আজি বহু তথ্য পাতি দাঙি ধৰাৰ পিছতো শ্বাহৰুখৰ পুত্ৰক জামিন প্ৰদানৰ সলনি ৭ অক্টোবৰলৈ এন চি বিৰ জিম্মাত প্ৰেৰণৰ সিদ্ধান্ত লয়।

ন্যায়ালয়ত আজি শ্বাহৰুখ খানৰ পুত্ৰই কয়- বৰ্তমানলৈ ৪৮ ঘণ্টা হৈ গল কিন্তু মোৰ বিৰুদ্ধে কোনো তথ্য লাভ কৰা নাই। কিয়নো মই কোনো বেয়া কাম কৰা নাই বা নকৰো। বিচাৰিলে গোটেই জাহাজ খনেই কিনি লব পৰা সামৰ্থ আছে।

তাত কেৱল নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ হে গৈছিলো, ড্ৰাগছ বেছিবলৈ যোৱা নাছিলো। মই সকলো ক্ষেত্ৰতে আৰক্ষীক সহায় কৰিছো। মই মোৰ ফোনৰ পৰাও একো নাইকিয়া কৰি দিয়া নাই।

বৰ্তমানে মই ২৪ বৰ্ষীয়, পূৰ্বতো কোনো ধৰণৰ এনে কামৰ ৰেকৰ্ড নাই মোৰ বিৰুদ্ধে। মই সম্পূৰ্ণ নিৰ্দোশী। অন্যৰ ওপৰত যি কৰে সেয়া মোৰ ওপৰত জাপি দিব নোৱাৰে। মোৰ কোনো অপৰাধৰ ইতিহাস নাই।

কিন্তু ইমানৰ পিছতো আজি ন্য়ায়ালয়ে জামিন প্ৰদান নকৰে আৰিয়ানক।

আৰু পঢ়ক : ৰাজ্যবাসীৰ বাবে সকাহ! আগন্তুক ৫ দিনলৈ বৰষুণ, তাপমাত্ৰা ২৪ ডিগ্ৰী ছেলচিয়াচ…