25.9 C
Guwahati
Saturday, October 16, 2021
More

    পিতা-পুত্ৰৰ মিলন, এন চি বিৰ কাৰ্যালয়ত বাদশ্বাহ ! ভাইৰেল ভিডিঅ’

    বলীউড বাদশ্বাহ শ্বাহৰুখ পুত্ৰ আৰিয়ান খান বিগত ৭ দিন ধৰি ঘৰৰ পৰা আতৰত এন চি বিৰ কাৰ্যালয়ত থাকিবলগীয়া হৈছে। ড্ৰাগছৰ গোচৰত অভিযুক্ত হৈ আছে আৰিয়ান। কালি হৈ যোৱা এই ড্ৰাগছ গোচৰৰ দ্বিতীয়টো শুনানিত ন্যায়ালয়ে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰিয়ানক।

    তাৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। পিতা পুত্ৰৰ মিলনৰ ভিডিঅ। শ্বাহৰুখে পুত্ৰ আৰিয়ানক এন চি বিৰ ন্যায়ালয়ৰ সমুখত পুত্ৰৰ সৈতে মিলিত হোৱা দেখা গৈছে।

    ভিডিঅত দেখা পোৱা অনুসৰি, পুত্ৰ আৰিয়ানক দেখা মাত্ৰকে সাৱতি ধৰিছে শ্বাহৰুখে। দুয়ো পিতা পুত্ৰই মাস্ক পৰিধান কৰা দেখা গৈছে ভিডিঅত।

    মুখত মাস্ক, কলা সাজ, লগতে সেই শ্বাহৰুখৰ পিছফালে বন্ধা চুলি। লগতে সেই একেই সাজত শ্বাহৰুখ পুত্ৰ আৰিয়ান খান, নীলা ৰঙৰ জেকেট।

    পিছে সেই ভাইৰেল ভিডিঅত দেখা শ্বাহৰুখ আৰু আৰিয়ান যেন লগা প্ৰকৃততে নহয়। সেয়া কোনো অন্যহে। যি শ্বাহৰুখ খান আৰু পুত্ৰ আৰিয়ান খান যেনেই দেখা হৈছে।

    কিন্তু সেই ভাইৰেল ভিডিঅ তেওঁলোকৰ নহয়। কিয়নো বৰ্তমানে ন্যায়িক জিম্মাত থকা আৰিয়ানে কোনো আৰক্ষীৰ লোক নোহোৱাকৈ তেনেদৰে বাহিৰত কাৰোৰে সৈতে লগ হব নোৱাৰে।

    আৰু পঢ়ক : মাদ্ৰাছৰ পৰা উভতি ঘৰ আহি নাপালে কিশোৰ, ৯ দিন ধৰি নিৰুদ্দেশ,নাই কোনো সন্ধান

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং