19 C
Guwahati
Monday, December 6, 2021
More

    মাত্ৰ ১৫ মিনিট সময়, কাৰাৰুদ্ধ পুত্ৰক লগ পাবলৈ জেললৈ আহিল শ্বাহৰুখ খান

    মাত্ৰ ১৫ মিনিট সময়, কাৰাৰুদ্ধ পুত্ৰক লগ পাবলৈ জেললৈ আহিল শ্বাহৰুখ খান

    শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ন খাৱে মুম্বাইৰ ক্ৰুজ ড্ৰাগছ পাৰ্টিত সময়ত গ্ৰেপ্তাৰ হৈছিল আৰু তাৰ পিছতেই সমস্যাই লগ এৰা নাই শ্বাহৰুখক।

    প্ৰতিবাৰেই আৰিয়নৰ জামিন আবেদন নাকচ হৈ আহিছে। ২০ অক্টোবৰটো আৰিয়ন খানে লাভ নকৰিলে জামিন। তাৰ পিছতেই আৰিয়নৰ পৰিয়ালৰ চিন্তা আৰু বৃদ্ধি পাইছে।

    ইয়াৰ মাজতে পুত্ৰক লগ পাবলৈ কাৰাগাৰলৈ আহিল বলিউডৰ বাদছাহ শ্বাহৰুখ খান। বৃহস্পতিবাৰে পুৱা আৰ্থৰ জেললৈ আহে শ্বাহৰুখ।

    উল্লেখ্য যে, ইয়াৰ পূৰ্বে কৰ’ণাৰ বাবে জেলৰ কয়দীক বাহিৰা লোকে সাক্ষাত কৰাৰ বাবে বাধা আছিল কিন্তু বুধবাৰে প্ৰতিবন্ধ আঁতৰ কৰা হয়।

    ইয়াৰ পিছতেই আজি আৰিয়নক লগ পাবলৈ জেললৈ যায় শ্বাহৰুখ খান। প্ৰায় ১৪ দিন ধৰি জেলতে আছে আৰিয়ন। এই সময়চোৱাত তেওঁ ভিডিঅ’ কলৰ জৰিয়তে পিতৃৰ লগত কথা বতৰা পাতে। নিয়মৰ ভিত্তিত সপ্তাহত দুদিন পৰিয়ালক ভিডিঅ’ কল কৰিব পাৰে কয়দীয়ে।

    আজি পিতা-পুত্ৰই সাক্ষাত কৰা সময়ত তেওঁলোকৰ মাজত এখন গ্লাছৰ দেৱাল থাকে। তেওঁলোকে ১৬ মিনিটৰ পৰা ১৮ মিনিট পৰ্যন্ত কথা পাতে। এই সময়ত তেওঁলোকৰ ওচৰত জেলৰ অধিকাৰীও উপস্থিত আছিল।

    আৰু পঢ়ক : ভাৰতত ১০০ কোটি ক’ভিড ভেকচিনৰ বিতৰণ সম্পুৰ্ণ, স্বাস্থ্য কৰ্মীক শুভেচ্ছা স্বাস্থ্য মন্ত্ৰীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং