29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ইণ্টাৰনেটত ভাইৰেল শ্বাহৰুখৰ অবিকল চেহেৰাৰ যুৱক, অনুৰাগীয়ো আচৰিত

    পৃথিৱীত হেনো ৭ জন একে চেহেৰাৰ মানুহ থাকে। অৱশ্যে তাৰ প্ৰমাণ আজিলৈ ভালদৰে ওলোৱা নাই, কিন্তু কেতিয়াবা একে পৰিয়ালৰ নোহোৱা কৈয়ে কিছুমান এনে অবিকল চেহেৰাৰ মানুহৰ সন্ধান পোৱা যায়, যাক দেখি সকলো আচৰিত হৈ পৰে।

    তাতে আৰু যদি কোনো হলীউড-বলীউড আদিৰ দৰে তাৰকা হয় তেন্তে বহু লোকেই তেওঁলোকৰ দৰে দেখিবলৈ নিজক তেনেদৰে সজাই পৰাই লয়। এইবাৰ কিং খান, ৰোমাঞ্চৰ নায়ক, বাদশ্বাহ শ্বাহৰুখ খানৰ অবিকল চেহেৰাৰ লোক এগাৰকীৰ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

    View this post on Instagram

    A post shared by Ibrahim qadri (@ibrahim__qadri)

    একেই চুলিৰ ষ্টাইল, কাপোৰ পিন্ধাৰ ষ্টাইল, ডিম্পল পৰা হাঁহি… যি দেখি অনুৰাগী সকলেও কৈছে ১০ৰ ভিতৰত ১০ নম্বৰ পাব লগা অবিকল।

    সেই যুৱকজন হৈছে ইব্ৰাহিম কাদৰী। ইষ্টাগ্ৰাম, ফেচবুক আদিত ইব্ৰাহিমৰ একাউণ্টত থকা সকলো ফঠো যেন শ্বাহৰুখ খানৰ হে। ইব্ৰাহিমে আনকি শ্বাহৰুখ খানৰ ষ্টাইলত কেইবাটাও ভিডিঅ কৰিছে , য’ত শ্বাহৰুখ খানেই নচা যেন লগা হৈছে।

    View this post on Instagram

    A post shared by Ibrahim qadri (@ibrahim__qadri)

    আৰু পঢ়ক :  ১০ দিনৰ ভিতৰত কাৰ্যক্ষম হৈ উঠিব অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ক’ভিড হাস্পতাল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং