পুনৰ বন্ধি কৰি দিয়া হ’ল কালিন্দীকুঞ্জৰ পৰা ফৰিদাবাদ-জেটপুৰ যোৱা পথ

দৰাচলতে শুকুৰবাৰ পুৱা কালিন্দীকুঞ্জৰ পৰা ফৰিদাবাদ যোৱা পথটোত বাছ এখনৰ যান্ত্ৰিক বিজুতি ঘটি ৰাস্তাতে বন্ধ হৈ পৰে ফলত যথেষ্ট যান-জঁটৰ সৃষ্টি হয়

0
50

দিল্লীৰ শ্বাহীনবাগত ৬৯ দিন ধৰি অব্যাহত প্ৰতিবাদ। ইয়াৰ মাজতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে কালিন্দী কুঞ্জৰ পৰা ফৰিদাবাদ আৰু জেটপুৰলৈ যোৱা পথ অলপ সময়ৰ বাবে খুলি দিয়া হৈছিল। ইয়াৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীয়ে পুনৰ পথটো বন্ধ কৰি দিয়ে। ১৫ ডিচেম্বৰৰ পৰা বন্ধ হৈ থকা পথটোৰে নয়দাৰ মহামায়া ফ্লাইঅভাৰেৰে দিল্লী আৰু ফৰিদাবাদলৈ যাত্ৰা কৰিব পাৰে।

দৰাচলতে শুকুৰবাৰ পুৱা কালিন্দীকুঞ্জৰ পৰা ফৰিদাবাদ যোৱা পথটোত বাছ এখনৰ যান্ত্ৰিক বিজুতি ঘটি ৰাস্তাতে বন্ধ হৈ পৰে ফলত যথেষ্ট যান-জঁটৰ সৃষ্টি হয়। যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ অলপ সময়ৰ বাবে ৰাস্তা খুলি দিয়া হৈছিল। ইয়াৰ পিছত পুনৰ পথটো বন্ধ কৰি দিয়া হৈছিল। বৰ্তমান দুচকীয়া বাহন যাবলৈহে অনুমতি প্ৰদান কৰিছে।

ইয়াৰ লগতে শ্বাহীনবাগৰ পৰা যোৱা পথো বন্ধ কৰি দিয়া হৈছে। পথটো খুলিবলৈ চেষ্টা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে আলোচনাকাৰী নিযুক্ত কৰিছে। প্ৰতিবাদকাৰীয়ে কৈছিল যে আৰক্ষীয়ে কেইবাটাও পথ জানি বুজিয়েই বন্ধ কৰিছে।

Photo: PTI

CAA আৰু NRCৰ বিৰুদ্ধে শ্বাহীন বাগত ৬৯ দিনৰ পৰা প্ৰতিবাদ অব্যাহত। ইয়াৰ বাবে কালিন্দী কুঞ্জৰ পৰা শ্বাহীনবাগলৈ যোৱা পথ বন্ধ কৰি দিয়া হৈছে।

Photo credit: aajtak.intoday.in