৭ খন মেচত ৬টা শতক অৰ্জন কৰা খেলুৱৈৰ অভিষেক ঘটিল ভাৰতীয় দলত

0
24374

অৱশেষত ভাৰতীয় দলত অভিষেক ঘটিল ২৭ বছৰীয়া শ্বাহবাজ আহমেদৰ। আজি ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে খেলিবলগীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত অধিনায়ক শিখৰ ধাৱানে খেলাৰ সুযোগ দিলে আহমেদক।

ঘৰুৱা ক্ৰিকেটত পশ্চিম বংগৰ হৈ খেলা শ্বাহবাজ এগৰাকী প্ৰতিভাৱান অলৰাউণ্ডাৰ। বাঁওহতীয়া বেটছমেন আৰু বলাৰ শ্বাহবাজে ঘৰুৱা ক্ৰিকেটত নিৰন্তৰভাৱে খেলি অহা দৰ্শনীয় প্ৰদৰ্শনৰ বাবেই তেওঁ আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত খেলাৰ সুযোগ লাভ কৰিলে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পূৰ্বে জিম্বাবুৱে ভ্ৰমণৰ বাবেও তেওঁ ভাৰতীয় দলত নিৰ্বাচিত হৈছিল। ৱাশ্বিংটন সুন্দৰৰ ঠাইত স্থান দিয়া হৈছিল শ্বাহবাজক।

সেই ভ্ৰমণত তেওঁ খেলাৰ সুযোগ নাপালেও আজি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলাৰ সুযোগ লাভ কৰে আহমেদে।

প্ৰথম অৱস্থাত শ্বাহবাজে গুৰগাঁৱৰ ক্ৰিকেট একাডেমীত অনুশীলন কৰিছিল। পিছত বন্ধু প্ৰমোদ চণ্ডীলাৰ নিৰ্দেশত তেওঁ বংগলৈ গৈ তপন মেম’ৰিয়েল ক্লাবত যোগদান কৰে।

এই ক্লাবৰ হৈ প্ৰথম ৭ খন মেচত তেওঁ ৬ টা শতক অৰ্জন কৰিছিল। ইয়াৰ উপৰি তেওঁ বলিঙৰ জৰিয়তেও প্ৰভাব বিস্তাৰ কৰিছিল। যাৰ ফলশ্ৰুতিত তেওঁ বংগ দলত স্থান লাভ কৰিবলৈ সক্ষম হয়।