ড্ৰাগছ ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা আৰমান কোহলীৰ বাবেই ভাৰতীয় চিনেমা জগতে পাইছে শ্বাহৰুখ খানক, নিজেই কলে ইয়াৰ কাৰণ

0
10667
ড্ৰাগছ ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা আৰমান কোহলীৰ বাবেই ভাৰতীয় চিনেমা

ড্ৰাগছ ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা আৰমান কোহলীৰ বাবেই ভাৰতীয় চিনেমা জগতে পাইছে শ্বাহৰুখ খানক, নিজেই কলে ইয়াৰ কাৰণ

বলীউডৰ কিং খান শ্বাহৰুখ খানক ষ্টাৰ বনোৱাৰ পিছতে হেনো নাম আছে আৰমান কোহলীৰ। শ্বাহৰুখ খানে নিজেই এক সাক্ষাৎকাৰত খোলাখুলিকৈ সদৰি কৰিছে এই বিষয়ে।

আৰমান কোহলীৰ বাবেই ভাৰতীয় চিনেমা জগতে পাইছে শ্বাহৰুখ খানক। যি আৰমান কোহলী ড্ৰাগছ ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ হৈ বৰ্তমানে আৰক্ষীৰ জিম্মাত আছে।

১৯৯২ চনত বিৰোধ চিনেমাৰে বলীউডত অভিনয় জীৱনৰ পাতনি মেলা আৰমান কোহলীয়ে সেই একেটা বছৰতে লাভ কৰিছিল আন এক ছবিৰ অফাৰ।

অভিনেত্ৰী দিব্যা ভাৰতীৰ সৈতে পোষ্টাৰো মুকলি হৈছিল আৰমানৰ। পিছে কোনো কাৰণ বশতঃ সেই ছবি কৰাৰ পৰা অমান্তি হয়। যাৰ বাবে সেই ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰে শ্বাহৰুখ খানে।

সেই ছবি আছিল ‘দীৱানা ‘। দীৱানাৰেই বলীউডত এণ্ট্ৰি কৰিছিল কিং খানে। আৰু আজি সেই কিং খানেই জনপ্ৰিয়তাৰ শীৰ্ষত আনহাতে দীৱানা ছবি নকৰো বুলি উঠাই দিয়া আৰমান কোহলী জেলৰ ভিতৰত।

আৰু পঢ়ক : স্বস্তিৰ নিশ্বাস! তালিবানীয়ে দিলে বৃহৎ সকাহ, প্ৰায় ১০০ খন দেশৰ সৈতে কৰিলে চুক্তি