গাত বগা চাদৰ লৈ মক্কাত উপস্থিত হ’ল কিং খান ! ভাইৰেল হ’ল ভিডিঅ’

0
335

গাত বগা চাদৰ লৈ মক্কাত উপস্থিত হ’ল কিং খান ! ভাইৰেল হ’ল ভিডিঅ’

বলীউডৰ কিং শ্বাহৰুখ খানে অলপতে মক্কা দৰ্শন কৰে। মক্কাত উপস্থিত হৈ উমৰা পৰিৱেশন কৰে অভিনেতা গৰাকীয়ে। মক্কাৰ পৰা শ্বাহৰুখ খানৰ বহুতো ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। মক্কাত কিং খানে এখন বগা চাদৰ গাত মেৰিয়াই থোৱা দেখি অনুৰাগীসকল যথেষ্ট সুখী হৈছে।

দৰাচলতে শ্বাহৰুখ খান এইকেইদিন চৌদি আৰৱত আছে। কিছুদিন পূৰ্বে চৌদি আৰৱত অভিনেতা গৰাকীৰ আহিবলগীয়া ছবি ডাঙ্কিৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিছিল।ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰাৰ লগে লগে শ্বাহৰুখ খানে উমৰা হ’বলৈ মক্কাত উপস্থিত হয়।

মক্কা শ্বৰীফৰ পৰা উমৰা পৰিৱেশন কৰা অভিনেতাজনৰ ভিডিঅ’ আৰু ফটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মক্কা শ্বৰীফত অভিনেতা গৰাকীয়ে কোভিডৰ নিয়ম অনুসৰণ কৰি মাস্ক পৰিধান কৰি আছে।

ইয়াৰ পূৰ্বে শ্বাহৰুখ খানে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল আৰু অনুৰাগীসকলক কৈছিল যে তেওঁৰ ছবি ডঙ্কিৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে। লগতে তেওঁ চৌদি আৰবৰ লোক সকলৰ ধন্যবাদো দিয়ে।