
ইতিহাস ৰচিলে পাঠানে ! বক্স অফিচত খলকনি তুলি মুক্তিৰ দ্বিতীয় দিনাৰ উপাৰ্জন..
শ্বাহৰুখ খান,দীপিকা পাডুকন আৰু জন আব্ৰাহামৰ অভিনিত ছবি ‘পাঠান’য়ে দ্বিতীয় দিনাই বক্স অফিচত ধুমুহা সৃষ্টি কৰিছে। পাঠান’এ ভাৰতত আৰম্ভণিৰ দিনা ৫৫ কোটি টকা সংগ্ৰহ কৰিছিল। একে সময়তে,বিদেশত সংগ্ৰহৰ কথা ক’লে, শ্বাহৰুখৰ ছবিখনে ১০৬ কোটি টকা উপাৰ্জন কৰিছে।
এতিয়া দ্বিতীয় দিনা অৰ্থাৎ গণতন্ত্ৰ দিৱসত পাঠান’এ ভাৰতত প্ৰায় ৭০ কোটি টকা সংগ্ৰহ কৰিছে। এই অনুসৰি, ‘পাঠান’এ দুদিনত ১২৫ কোটি টকাতকৈও অধিক সংগ্ৰহ কৰিছে। একে সময়তে, ছবিখনৰ তামিল আৰু তেলেগু সংস্কৰণে দ্বিতীয় দিনা ৪.৫০ কোটি টকাৰ পৰা ৫ কোটি টকা ব্যৱসায় কৰিছিল।
পাঠানৰ হিন্দী সংস্কৰণে দ্বিতীয় দিনা ৭০ কোটি টকাৰ ব্যৱসায় কৰিছে। পাঠান’হৈছে দ্বিতীয় দিনতে ১০০ কোটি উপাৰ্জন কৰা প্ৰথম খন চলচ্চিত্ৰ ।ইয়াৰ পিছতে ছবিখনে ইতিহাস সৃষ্টি কৰিছে। কেৱল এয়াই নহয়, ছবিখনে কেৰালাৰ পৰাও ভাল সঁহাৰি লাভ কৰিছে।
ছবিখনে তাৰ পৰা ১.২২ কোটি টকা সংগ্ৰহ কৰিছে। ছবিখনে তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশতো ভাল সঁহাৰি লাভ কৰিছে। ছবিখনে প্ৰথম সপ্তাহাতে ২০০ কোটি টকা উপাৰ্জন কৰাৰ আশা কৰা হৈছে।