33 C
Guwahati
Wednesday, October 13, 2021
More

    শ্বাহৰুখ খানক তীক্ষ্ণ বাক্যবাণ- ‘ইছলাম ধৰ্ম পাহৰি গ’লা নেকি!’

    শ্বাহৰুখ খানক তীক্ষ্ণ বাক্যবাণ- ‘ইছলাম ধৰ্ম পাহৰি গ’লা নেকি!’

    বলীউডৰ কিং খান শ্বাহৰুখ খানক তীক্ষ্ণ বাক্যবাণেৰে থকা সৰকা বহু লোকৰ। বহুলোকৰে প্ৰশ্ন- ইছলাম ধৰ্মই পাহৰি গলা নেকি। পাহৰি গলা নেকি নিজৰ ধৰ্মৰ কথা।

    মুম্বাই মহানগৰীত গণেশ পূজা বুলিলে সকলোতকৈ ডাঙৰ উৎসৱ হিচাপে ধৰা হয়। সেই উৎসৱৰ লগত সংগতি ৰাখিয়েই কিং খানে সামাজিক মাধ্যমত এক গণেশ পূজাৰ মুৰ্তি বিসৰ্জনৰ ফটোৰে সৈতে কোনো বাৰ্তা লিখিছিল।

    লগতে প্ৰতি বৰ্ষৰ দৰে এইবাৰো অভিনেতাগৰাকীয়ে নিজৰ ঘৰত গণেশ বাবাৰ মুৰ্তি স্থাপনা কৰিছিল। যি মুৰ্তিৰেই ফটো অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰাম একাউণ্ট যোগে সদৰি কৰিছিল। লগতে সদৰি কৰিছিল বিসৰ্জনৰো ফটো।

    সেই ফটো শ্বেয়াৰ কৰি অভিনেতাগৰাকীৰ অনুৰাগী সকলকো গণেশ পূজাৰ শুভকামনা জ্ঞাপন কৰে। তেখেতে লিখে – ‘ভগৱান গণেশৰ কৃপা সকলোৰে ওপৰত অহা বৰ্ষলৈ থাকক, যেতিয়ালৈ তেওঁ অহা বৰ্ষত পুনৰ আহিব, গণপতি বাপ্পা মোৰয়া’।

    যি পোষ্টৰ পিছতে ট্ৰোলৰ সন্মুখিন হবলৈ ধৰে শ্বাহৰুখ খান। বহু লোকেই প্ৰশ্ন কৰে শ্বাহৰুখক তেখেতৰ ধৰ্মক লৈ। যিহেতু শ্বাহৰুখ খান এগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক। কোনোৱে কয়, এনে কাম কৰাৰ পৰা বিৰত থাকক, তেখেতৰ ভগৱান এজনেই সেয়া হৈছে আল্লা।

    আৰু পঢ়ক : মছজিদৰ পৰা খোৱা পানী আনিবলৈ যোৱাৰ বাবেই হিন্দু পৰিয়ালক প্ৰথমে মাৰপিট, পিছত বন্ধক বনালে একাংশই…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং