হাৰ মানিলে পাকিস্তানে! ক’লে কাশ্মীৰ ভাৰতৰ অংগ

জেনেভাত সংবাদ মাধ্যমৰ আগত পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহমুদ কুৰেশ্বীয়ে স্বীকাৰ কৰিলে কাশ্মীৰ ভাৰতৰ অংগ বুলি

0
909

কাশ্মীৰ যে ভাৰতৰ অংগ এই কথা যেন মানি ল’বলৈ বাধ্য হ’ল পাকিস্তান। জেনেভাত সংবাদ মাধ্যমৰ আগত পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে স্বীকাৰ কৰিলে কাশ্মীৰ ভাৰতৰ অংগ বুলি। কাশ্মীৰ প্ৰসংগত মন্তব্য কৰিবলৈ গৈ ভাৰতীয় ৰাজ্য জম্মু-কাশ্মীৰ বুলি ক’লে পাকিস্তানী মন্ত্ৰীজনে।

প্ৰসংগ ক্ৰমে কাশ্মীৰ ভাৰতৰ অংগ বুলি মানি ল’বলৈ বাধ্য হৈছে পাকিস্তানৰ খোদ বৈদেশিক মন্ত্ৰীজনে। পূৰ্বৰ পৰাই সকলোৱে কাশ্মীৰ ভাৰতৰ বুলি জানি আহিছিল যদিও এই কথা মানি লোৱা নাছিল পাকিস্তানে।

ৰাষ্ট্ৰসংঘত ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ গৈ মুখ পিছল খালে পাকিস্তানৰ বিদেশ মন্ত্ৰীজনৰ, ক’লে কাশ্মীৰ ভাৰতৰ অংগ। পিছত এই কথা কোৱা বুলি উপলব্ধি হোৱাত পাভলুটি মাৰে পাকিস্তানৰ বিদেশ মন্ত্ৰীজনে। পাভলুটি মাৰি পাকিস্তানৰ বিদেশ মন্ত্ৰীজনে কয় ভাৰতে বিশ্বক জনাব বিচাৰিছে যে কাশ্মীৰৰ পৰিস্থিতি ক্ষান্ত হৈ আছে কিন্তু এনে হোৱা নাই কাশ্মীৰত।