
শুকুৰবাৰে ১৯ বছৰ অনুৰ্ধ্ব মহিলা বিশ্বকাপৰ ছেমি ফাইনেলত নিউজিলেণ্ডক ৮ উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান দখল কৰিছে ভাৰতীয় দলটোৱে।
চেনৱেছ পাৰ্কত অনুষ্ঠিত মেচখনত টছত জয়লাভ কৰি ভাৰতৰ অধিনায়ক ছাফালী বাৰ্মাই নিউজিলেণ্ডক প্ৰথমে বেটিং কৰাৰ সুযোগ দিয়ে।
কিৱি দলটোৱে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ১০৭ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতে মাত্ৰ ১৪.২ অভাৰত ২টা উইকেট হেৰুৱাই এই সহজ লক্ষ্যত উপনীত হয়।
ভাৰতৰ অ’পেনাৰ শ্বেতা ছেহৰাৱাটে ৬১ ৰানৰ অপৰাজিত মেচ বিজয়ী ইনিংছ খেলে। ইয়াৰ উপৰি সৌম্য তিৱাৰীয়ে ২২ ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ আন্না ব্ৰাউনিঙে দুয়োটা উইকেট দখল কৰে।
উল্লেখ্য যে, ভাৰতীয় বলাৰসকলে মেচৰ আৰম্ভণিৰ পৰাই বিপক্ষ দলৰ ওপৰত আধিপত্য বিস্তাৰ কৰি চাপৰ সৃষ্টি কৰে। ভাৰতৰ হৈ পাৰ্শৱী চোপ্ৰাই তিনিটা উইকেট দখল কৰাৰ বিপৰীতে আন চাৰিজন বলাৰে এটাকৈ উইকেট দখল কৰে। পাৰ্শ্বৱীয়ে খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।
দেওবাৰে ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে মুখামুখি হ’ব ভাৰত।