28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ধুবুৰীত নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ…

    ধুবুৰীত নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ…

    পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা।এই বাৰ ঘটনাৰ স্থান ধুবুৰীৰ দক্ষিণ পাৰত।‌‌অভিযোগ অনুসৰি এজন প্ৰধান শিক্ষকে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা চলাই।

    জানিব পৰা মতে ধুবুৰী জিলাৰ ফকীৰগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত সাতশিয়া জনকল্ল্যান মাধ্যমিক ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক লম্পট জালাল উদ্দিন মণ্ডল নামৰ শিক্ষকজনে অশ্লীল ইংগিত দিয়ে ছাত্ৰী গৰাকীক ।

    ঘটনাৰ বিৱৰণী মতে আজি দশম শ্ৰেণীৰ ৰেজিষ্ট্ৰেচন কৰাৰ বাবে বিদ্যালয়ত উপস্থিত হয় ছাত্ৰী গৰাকীয়ে। বিদ্যালয়ত কোনো লোক নথকাৰ সুযোগ লৈ ছাত্ৰীৰ গৰাকীক ধৰ্ষণ কৰাৰ চেষ্টা কৰে লম্পট শিক্ষকে।

    ছাত্ৰী গৰাকীয়ে নিজৰ প্ৰচেষ্টাৰ ফলত শিক্ষক জনৰ পৰা হাত সাৰিবলৈ সক্ষম হয়। পৰবৰ্তী সময়ত ছাত্ৰী গৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰোৱাৰ লগে লগে হুলুস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

    ঘটনাস্থলীত ফকিৰগঞ্জ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰে।এই ক্ষেত্ৰত দোষী ক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে পৰিয়ালৰ লোকে।

    ইনপুট: monjur bhuyan

    আৰু পঢ়ক : ছ’চিয়েল মিডিয়াত হিন্দু-মুছলমান বিতৰ্ক! কিয় এক্সন নলয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, ক’লে…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং