18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    দীৰ্ঘদিন ধৰি ৯ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন! আৰক্ষীৰ জালত ইমাম বাবুল আলী

    ইমামৰূপী এজন ৫০ৰো উৰ্দ্ধৰ নৰপিশাচৰ যৌন নিৰ্যাতনৰ বলি হৈছে এগৰাকী ৯ বছৰীয়া নাবালিকা । এই জঘন্য ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ মাজদিয়াত ।

    সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাজদিয়া গাঁৱৰ এগৰাকী নাবালিকাক যৌন আতিশয্য চলাই ৰঙা ঘৰৰ পথ প্ৰশস্ত কৰি তুলিছে মছজিদৰ ইমাম এগৰাকীয়ে ৷

    মাজদিয়া ৰিজাৰ্ভৰ বাবুল আলী নামৰ এইগৰাকী ইমামে একে গাঁওৰে এগৰাকী ন বছৰীয়া নাবালিকাক ভয় ভাবুকিৰে দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে । এই কথা নাবালিকা গৰাকীৰ পিতৃ-মাতৃয়ে জানিব পৰাত পৰিয়ালৰ লোকে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে ৷

    ইছলাম ধৰ্মত কালিমা সনা ইমাম গৰাকীৰ কৰ্মকাণ্ড পোহৰলৈ অহাৰ পিছতে নাবালিকা গৰাকীৰ মাতৃয়ে মাজদিয়া আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত মংগলবাৰে আৰক্ষীয়ে খেদি খেদি আটক কৰিছে লম্পট বাবুল আলীক ৷

    মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত আৰু সহকাৰী উপ পৰিদৰ্শক পবিত্ৰ কলিতাৰ সহযোগত মাজদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যৌন নিৰ্যাতনকাৰী ইমাম বাবুল আলীক ৷

    ইতিমধ্যে লম্পট বাবুল আলীৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষী থানাত ৬৮/২০২১ নম্বৰত গোচৰ আৰু ভাৰতীয় দণ্ড বিধি আইনৰ ৩৭৬ আৰু R/W6 শিশু যৌন নিৰ্যাতন প্ৰতিৰোধক আইন (POCSO)ৰ অধীনত গোচৰ ৰুজু হৈছে ৷ উল্লেখ্য যে ধৃত বাবুল আলীয়ে নাবালিকা গৰাকীক টিউচন কৰাৰ চলেৰে প্ৰায়ে যৌন নিৰ্যাতন চলাই অহা বুলি সদৰী কৰে নাবালিকা গৰাকীৰ পিতৃয়ে ৷

    লম্পট বাবুল আলীয়ে ভয় ভাবুকি দি নাবালিকা গৰাকীক যৌন আতিশয্য চলাই যোৱাত নাবালিকা গৰাকী ক্ৰমে অসুস্থ হৈ পৰে ।
    পিছত নাবালিকা গৰাকীয়ে পিতৃ-মাতৃক লম্পট বাবুল আলীৰ কু-কৰ্মৰ কথা বিৱৰি কোৱাত পৰিয়ালৰ লোকে অভিযুক্ত বাবুল আলীৰ বিৰুদ্ধে মাজদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ।

    আৰু পঢ়ক : ”আজমলে নিজে ধনী কিন্তু তেওঁ প্ৰতিনিধিত্ব কৰা লোক সকল আটাইতকৈ দুখীয়া”

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং