
মহানগৰীত সুৰক্ষিত নহয় নাৰী, পুনৰ কৰ্মস্থলীৰ পৰা উভতি অহাৰ সময়তে ২ যুৱতী নিৰ্যাতনৰ বলি।
গুৱাহাটী মহানগৰীত আজিয়ো সুৰক্ষিত নহয় যুৱতী কিম্বা মহিলা। পুনৰ নিশা কৰ্মস্থলীৰ পৰা উভতি অহা নাৰী সন্মুখিন হয় নিৰ্যাতনৰ।
মহানগৰীৰ ৱায়াৰলেচত ২ যুৱতীক অশ্লীল ইংগিত ২ যুৱকৰ। কৰ্মস্থলীৰ পৰা উভতি আহোতে দুই যুৱতীক অশ্লীল ইংগিত দিছিল ২ যুৱকে।
প্ৰত্যক্ষদৰ্শীৰ তৎপৰাত যুৱতীদ্বয়ে সেই দুই যুৱকৰ এজনক ধৰিবলৈ সক্ষম হয়। আনজন যুৱকৰ পলায়ন।
লগে লগে হাতীগাঁও আৰক্ষীকো ঘটনা সম্পৰ্কে খবৰ কৰা হয়। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজ আৰু যুৱতীৰ হাতত আটকাধীন যুৱকজনক থানালৈ লৈ যায়।