বাংগালুৰু মহানগৰ আৰক্ষীয়ে মঙলবাৰে নিশা বাংগালুৰুৰ মাজ-মজিয়াত অভিযান চলাই এটা দেহ ব্যাৱসায় চক্ৰ উৎখাত কৰে।
বাংগালুৰুৰ মাজ মজিয়াৰ এটা স্পা চেণ্টাৰত দীৰ্ঘদিনৰ পৰা দেহ ব্যাৱসায় চক্ৰটো চলি আছিল বুলি বাংগালুৰু আৰক্ষীৰ যুটীয়া আয়ুক্ত ৰমেন গুপ্তাই কয়।
বাংগালুৰু আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত জেন গ্লো স্পা এণ্ড ৱেলনেছ কেন্দ্ৰটোত অভিযান চলাই দেহ ব্যাৱসায় চক্ৰটো উৎখাত কৰে।
আৰক্ষীয়ে অভিযানৰ সময়ত স্পা চেণ্টাৰটোৰ পৰা তিনিগৰাকী মহিলাক উদ্ধাৰ কৰে।
তিনিগৰাকী মহিলাক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে এজন ব্যক্তিকো দেহ ব্যৱসায় চক্ৰটোৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।
স্থানীয় লোক সকলে দীৰ্ঘদিনৰ পৰা স্পা চেণ্টাৰটোত অনৈতিক কাৰ্য্যকলাপ চলাই অহা হৈছিল বুলি অভিযোগ দাখিল কৰি আহিছিল।
ইপিনে, আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক লোক জড়িত থকাৰ সন্দেহত তদন্ত অব্যাহত ৰাখিছে।