33 C
Guwahati
Wednesday, September 28, 2022
More

    কৰুণ ঘটনা, ভাতৃক ৰাখী পিন্ধাবলৈ বুলি ৰাওনা হৈছিল ভগ্নী, ৩৫ যাত্ৰী সহ ডুবিল নাও, ১৭ সন্ধানহীন, ৪ জনৰ মৃত্যু

    কৰুণ ঘটনা, ভাতৃক ৰাখী পিন্ধাবলৈ বুলি ৰাওনা হৈছিল ভগ্নী, ৩৫ যাত্ৰী সহ ডুবিল নাও, ১৭ সন্ধানহীন, ৪ জনৰ মৃত্যু

    আজি ৰাখী বন্ধনৰ দিনাই উত্তৰ প্ৰদেশৰ পৰা আহিছে এক কৰুণ ঘটনা। ৩৫ যাত্ৰীসহ নদীত ডুব যায় এখন নাও। যি দুৰ্ঘটনাৰ ফলত এটি এবছৰীয়া শিশুসহ অন্য তিনিজন মৃত্যু মুখত পৰে।

    আনহাতে সেই ৩৫ গৰাকী যাত্ৰীৰ ভিতৰত অন্য ১৭ গৰাকী সন্ধানহীন হোৱাৰ বিপৰীতে ১৫ জনে কোনোমতে সাঁতুৰি নিজৰ প্ৰাণ ৰক্ষা কৰে। আজি ৰাখী বন্ধন উপলক্ষে ভাতৃক ৰাখী পিন্ধাবলৈ বুলি মাকৰ ঘৰলৈ ৰাওনা হৈছিল কেইবাগৰাকী ভগ্নী।

    বান্দাৰ পৰা ফতেহপুৰলৈ যমুনা নদীৰে গৈছিল নাও খন। পাছে আজি ৰাখী বন্ধন উপলক্ষে অন্য দিনাতকৈ অধিক যাত্ৰী হৈছিল নাওখনত। তথাপি সৰু নাওখনেৰেই ৰাওনা হৈছিল সকলো যাত্ৰী।

    আজি ১১ আগষ্ট বৃহস্পতিবাৰে আবেলি প্ৰায় ৩ মান বজাত সংঘটিত হৈছে এই কৰুণ ঘটনা। নাও খনে নদীৰে যাত্ৰা কৰাৰ সময়তে যমুনা নদীৰ পানীৰ প্ৰবাহ তীব্ৰ হোৱাত নদীৰ এটা অংশ ভাঙি যায়, আৰু নাওখন ডুব যায়।

    প্ৰত্য়ক্ষদৰ্শীয়ে কোৱা অনুসৰি নাওখনত প্ৰায় ৪০ৰ পৰা ৪৫ গৰাকী লোক আছিল, তাৰোপৰি কেইবাখনো বাইকো আছিল নাওখনত। প্ৰয়োজনকৈ অধিক যাত্ৰীৰ লগতে বাহনো কঢ়িয়াইছিল নাওখনে। যাৰ বাবেই নাওখন নদীৰ মাজ মান পোৱাৰ লগে লগেই ডুৱ যায়।

    উদ্ধাৰকাৰী দলে ঘটনাৰ বিষয়ে জনাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান কৰে, যদিও এটি এবছৰীয়া শিশু আৰু তিনিগৰাকীৰ মৃতদেহৰ বাহিৰে অন্য ১৭ গৰাকীৰ সম্ভেদ লাভ নকৰে।

    মুখ্যমন্ত্ৰীয়েও সন্ধানহীন সকলৰ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ এছ ডি আ এফ আৰু এন ডি আৰ এফৰ বাহিনীক আহ্বান জনাইছে।

    ঘটনাটোৱে গভীৰ শোকৰ ছাঁ পেলাইচে সমগ্ৰ অঞ্চলতে। অন্য ১৭ গৰাকীৰো কৰুণ মৃত্যু হোৱা বুলি আশংকা কৰিছে লোকে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং