আমেৰিকাত পুনৰ অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা; মৃত্যু কেইবাজনো লোকৰ

0
95
প্ৰতিনিধিত্বমূলক চিত্ৰ

আমেৰিকাৰ এটা বৃহৎ ৱালমাৰ্ট ষ্ট’ৰত অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত কেইবাজনো লোকৰ মৃত্যু হোৱা বুলি খবৰ আহিছে। ভাৰ্জিনিয়াৰ বিষয়াসকলৰ উদ্ধৃতিৰে এই তথ্য প্ৰদান কৰিছে এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাই।

মঙলবাৰে সন্ধিয়া আমেৰিকাৰ ভাৰ্জিনিয়াৰ ৱালমাৰ্টৰ ষ্ট’ৰত এজন বন্দুকধাৰীয়ে কেইবাজনো লোকৰ ওপৰত গুলীচালনা কৰে। শীৰ্ষ বিষয়াই জনোৱা মতে, গুলীচালনা কৰা লোকজনো নিহত হৈছে।

এটা সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি ঘটনাস্থলত আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ তালাচী চলোৱাৰ লগতে ঘটনাৰ তদন্ত কৰি আছে।

অৱশ্যে এই পৰ্যন্ত হতাহতৰ সঠিক সংখ্যা স্পষ্ট কৰা নাই। অৱশ্যে এই গুলীচালনাৰ ঘটনাত ১০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা নাই বুলি দাবী কৰিছে আৰক্ষীয়ে।

ইফালে ভাৰ্জিনিয়াৰ ষ্টেট ছিনেটৰ লুইছ লুকাছে এই ঘটনাত দুখ প্ৰকাশ কৰি টুইঠাৰযোগে মন্তব্য কৰে যে যেতিয়ালৈকে বন্দুকৰ হিংসাৰ কোনো স্থায়ী সমাধান নহয় তেতিয়ালৈকে মই বহি নাথাকো।

উল্লেখ্য যে, বিশ্বৰ অন্যতম শক্তিশালী দেশ আমেৰিকাত প্ৰায়েই এই ধৰণৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈ আহিছে।