
চিৰাং জিলাৰ নাঙলভাঙা নদীত নাও দুৰ্ঘটনা। মানিকপুৰ ঘাটৰ পৰা খৈৰাবাৰী পাৰঘাটলৈ গৈ থকাৰ সময়তেই দুৰ্ঘটনাত পতিত হয় নাওখন।
জানিব পৰা মতে, দুৰ্ঘটনাটোত কেইবাগৰাকীও নাও যাত্ৰী আহত হৈছে।
দুৰ্ঘটনাটোৰ সময়ত নাওখনত আছিল তিনিখনকৈ মটৰ চাইকেলৰ লগতে পঁচিশ গৰাকী যাত্ৰী।
দুৰ্ঘটনাত নাওখন সম্পূৰ্ণ ৰূপে দুই টুকুৰা হোৱাৰ লগতে নাওখনত থকা তিনিখন মটৰ চাইকেলৰ ভিতৰত দুখন মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
বৰ্তমানলৈ এখন মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
ইনপুট : মঞ্জুল মহানায়ক