ৰাজ্য চৰকাৰে ৫৮০ গৰাকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকক দিলে সুখবৰ : বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি ৰাজ্য চৰকাৰৰ কেবিনেটে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
চাহ শ্ৰমিকৰ মজুৰি ১৬৭ টকাৰ পৰা ২১৭ টকালৈ বৃদ্ধি কৰাৰ লগতে ২০০১ বৰ্ষত চাকৰিত যোগদান কৰা ৫৮০ গৰাকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰে।
ইয়াৰ উপৰি ৫৭ খন বিদ্যালয়ৰ ১০১ গৰাকী বৃত্তিমুখী শিক্ষাৰ শিক্ষকলৈ ‘টাইমস্কেল’ (প্ৰতিমাহে ২৮,৭৪৮ টকা) প্ৰদানৰ সেৱা বিধিতো অনুমোদন জনায় আজিৰ কেবিনেটে।
ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত তলত উল্লেখ কৰা হ’ল-
১. বড়োলেণ্ড প্ৰশাসনিয় পদাধিকাৰী মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত।
২. বড়োলেণ্ড কল্যাণ বিভাগ নামৰ এটা নতুন বিভাগ সৃষ্টিত অনুমোদন। বাহাল থাকিব পাৰ্বত্যাঞ্চল উন্নয়ন বিভাগ।
৩. নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ১২ মাহৰ পৰিৱৰ্তে ১৮ মাহ প্ৰদান কৰিবলৈ অসম পৌৰ নিকায়ৰ সংশোধনী- এখন অধ্যাদেশ জাৰিৰ বাবে প্ৰস্তুতি।
৪. ভিজিআৰৰ ডি-ৰিজাৰ্ভেশ্যনৰ ভিত্তিত নগাঁৱৰ হাঁতীচুঙত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ ২৩ বিঘা ভূমিৰ আৱণ্টন।
৫. উত্তৰ গুৱাহাটী, উজান বাজৰ আৰু ভৰলুমুখ এই তিনিখন ঠাইত গুৱাহাটী মাষ্টাৰ প্লেনৰ সংশোধনী।
৬. অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কৰ্মচাৰীৰ নিয়মীয়াকৰণত নীতিগতভাৱে অনুমোদন। ৭. পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত অতি কমেও ১০ বছৰ সেৱা আগবঢ়োৱা ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ ৬০ বছৰলৈ চাকৰিৰ সম্প্ৰসাৰণ।
আৰু পঢ়ক : অনলাইন ক্লাছৰ বাবে দিছিল দেউতাকৰ ডক্যুমেণ্টছঃ প্ৰতি মাহে একাউণ্টৰ পৰা কৰ্তন কৰে ২০০০ টকাৰ ই এম আই