
উত্তৰ প্ৰদেশত বৃহস্পতিবাৰে পুৱা আগ্ৰাৰ চিটি ষ্টেচন ৰোডত খননৰ ফলত ৭টা ঘৰ ভাঙি পৰে। এই দুৰ্ঘটনাটোত এগৰাকী চাৰি বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজন লোক আহত হয়।
মুখ্যমন্ত্ৰী নিৰ্দেশত ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।
আৰক্ষী উপ-আয়ুক্ত বিকাশ কুমাৰে জানিবলৈ দিয়া মতে, এই দুৰ্ঘটনাত এগৰাকী কন্যাৰ মৃত্যু হোৱাৰ বিপৰীতে দুগৰাকী আহত হৈছে। ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। ঘটনাৰ দায়ী লোকসকলৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।
মৃত শিশুটিৰ ঘৰ ৰুছালি (৪)ৰ মৃত্যু হয়। আনহাতে বিবেক আৰু বৈদেহী নামৰ দুজন সামান্য পৰিমানে আহত হয়।
আৰক্ষী সূত্ৰই জনোৱা মতে, পুৱা ৭.০৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। এই সমগ্ৰ অঞ্চলটো এটা টিলাৰ ওপৰত নিৰ্মাণ কৰা হৈছে।