29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    প্ৰাৰ্থী নোপোৱাৰ বেদনাত অগপ এৰি জাতীয় পৰিষদলৈ আহিল পাটাছাৰকুছি সমষ্টিৰ কেইবাগৰাকীও কৰ্মী

    প্ৰাৰ্থী নোপোৱাৰ বেদনাত অগপ এৰি জাতীয় পৰিষদলৈ আহিল পাটাছাৰকুছি সমষ্টিৰ কেইবাগৰাকীও কৰ্মী : অসম গণ পৰিষদ দলে পাটাছাৰকুছি বিধানসভা সমষ্টিটো বিজেপিক এৰি দিয়াৰ পিছতে এতিয়া সমষ্টিটোত আৰম্ভ হৈছে পদত্যাগৰ জোঁৱাৰ।

    দলটোৰ বহু তৃণমূল নেতা-কৰ্মীয়ে আজি অতুল বৰা, কেশৱ মহন্তক তীব্ৰ ভাষাৰে সমালোচনা কৰি দল ত্যাগ কৰে।

    সমষ্টিটোৰ অগপৰ ৪০ শতাংশ কৰ্মীয়ে দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিছে।

    অহা ১১ মাৰ্চৰ ভিতৰত আন আন কৰ্মী সকলেও অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকাই কয়।

    তেওঁ সাংবাদিকৰ আগত কয়, ‘বিজেপিৰ ওচৰত আঠু লৈছে অগপই। হিমন্ত বিশ্বই আমবাৰী অগপৰ কাৰ্যালয় বিবাহ ভৱন হ’ব বুলি কৰা ভবিষ্যৎবাণী প্ৰাকে প্ৰকাৰে সত্য হ’বলৈ গৈ আছে’।

    ভৱিষ্যতে আঞ্চলিক দল হিচাপে কেবল অসম জাতীয় পৰিষদেই থাকিব বুলি মন্তব্য কৰি আগন্তুক নিৰ্বাচনত অগপই এখনো আসন লাভ নকৰে বুলি কয়।

    আৰু পঢ়ক : প্ৰিয় নেতা টিকটৰ পৰা বঞ্চিত হোৱাত হাতে হাতে বিষ লৈ আত্মহত্যাৰ হুংকাৰ সমৰ্থকৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং