শোকাৱহ ঘটনা, হ্ৰদত গা ধুবলৈ গৈ পানীত ডুব গ’ল ৭ জনকৈ যুৱক

0
574

শোকাৱহ ঘটনা, হ্ৰদত গা ধুবলৈ গৈ পানীত ডুব গ’ল ৭ জনকৈ যুৱক

হিমাচল প্ৰদেশত আজি বিয়লিৰ সময়ত সংঘটিত হয় এক অতিকে শোকাৱহ ঘটনা। গোবিন্দ সাগৰ হ্ৰদত পঞ্জাৱৰ সাতজন যুৱক ডুব যোৱাৰ ঘটনা পোহৰলৈ আহিছে। বৰ্তমানে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে উদ্ধাৰকাৰী দলে।

হিমাচল প্ৰদেশৰ, উনা জিলাত এই শোকাৱহ ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে। পাঞ্জাৱৰ পৰা হিমাচল প্ৰদেশলৈ বুলি ফুৰিবলৈ যোৱা ৭ জন যুৱক গোবিন্দ সাগৰ হ্ৰদত ডুব গৈছে।

যুৱককেইগৰাকী পঞ্জাৱৰ মোহালিৰ বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শীয়ে কোৱা অনুসৰি, যুৱক কেইগৰাকী গোবিন্দ সাগৰ হ্ৰদত গা ধুবলৈ নামিছিল কিন্তু হঠাতে কেউজনেই পানীত ডুব যায়।

ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে হাহাকাৰ লাগি যায় সকলোফালে। ততাতৈয়াকৈ বংগনা আৰক্ষীকো ঘটনা সম্পৰ্কে খবৰ কৰা হয়। খবৰ লাভৰ পাছতেই উদ্ধাৰকাৰী দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, এই শোকাৱহ ঘটনাটো আবেলি প্ৰায় ৩.৫০ মান বজাত সংঘটিত হৈছিল।

স্থানীয় লোকসকলেও সহায়ৰ বাবে আগবাঢ়ি যায় কিন্তু বৰ্তমানলৈকে ডুব যোৱা যুৱককেইজনৰ এজনৰো কোনো সন্ধান পোৱা হোৱা নাই।