ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে তিতাবৰতো ভয়াবহ ৰূপ লৈছে কৰ’ণাই, আজি ৭ গৰাকী আক্ৰান্ত

0
4631
সাংবাদিকৰ মহানুভৱতা! মহানগৰীত কৰ'ণা আক্ৰান্ত ৰোগীৰ বাবে দিলে নিজৰ ঘৰৰ ৩টা কোঠা
প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে তিতাবৰতো ভয়াবহ ৰূপ লৈছে কৰ’ণাই, আজি ৭ গৰাকী আক্ৰান্ত

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিতাবৰতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা।

কৰ’ণাৰ দ্বিতীয় ঢৌত তিতাবৰত আজি ৭ গৰাকী লোকৰ দেহত ধৰা পৰিছে কভিড-১৯ৰ অৱস্থিতি।

তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰতিদিনে কৰি থকা হৈছে ৰেপিড এণ্টিজেণ্ট টেষ্ট আৰু আজি ৭ জনৰ দেহত ধৰা পৰে কভিদ ১৯।

তিতাবৰ অসামৰিক চিকিৎসালয়ৰ অধীনৰ এই পৰ্যন্ত মুঠ আক্ৰান্তৰ সংখ্যা ২০ জন ।

আজি তিতাবৰ মহকুমাৰ অন্তৰ্গত টিপমীয়াত ৩ জন, ডফলাটিঙত ১ জন, আমগুৰিত এজন আৰু তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত দুজনৰ দেহত পোৱা গৈছে কৰ’ণাৰ অৱস্থিতি।

উল্লেখযোগ্য যে তিতাবৰ দফালটিঙৰ পূৰবী ৰাৱতীয়া নামৰ এগৰাকী কভিড-১৯ ৰোগীক যোৰহাট চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰিছে ।

কভিড সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কৰ’ণাৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ সকলোকে আহ্বান জনাইছে তিতাবৰৰ স্বাস্থ্য বিভাগে ।

আৰু পঢ়ক : অক্সিজেন সংকটক লৈ প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক; ল’লে কেইবাটাও সিদ্ধান্ত