কাইলৈ গুৱাহাটী পাবহি ৭ জন ক্ৰিকেটাৰ! গ্ৰীণ কৰিড’ৰ উপৰিও সাজু হেলিকপ্টাৰ ব্যৱস্থা, সাপ খেদিবলৈ ৩৫ হাজাৰ টকাত ঠিকা…

0
2950

কাইলৈ গুৱাহাটী পাবহি ৭ জন ক্ৰিকেটাৰ! গ্ৰীণ কৰিড’ৰ উপৰিও সাজু হেলিকপ্টাৰ ব্যৱস্থা, সাপ খেদিবলৈ ৩৫ হাজাৰ টকাত ঠিকা…

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ১০ জানুৱাৰীত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ৷ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ এদিনীয়া মেচখনক লৈ প্ৰস্তুতি তু্ংগত তুলিছে অসম ক্ৰিকেট সন্থাই।

বৰ্তমান টি-২০ দলত নথকা ভাৰতীয় দলৰ কেইগৰাকীমান খেলুৱৈ ৭ জানুৱাৰীতে গুৱাহাটীত আহি উপস্থিত হ’ব৷
গুৱাহাটীত উপস্থিত হোৱাৰ পিছত ৯ জানুৱাৰীত দুয়োটা দলে বৰ্ষাপাৰাত অনুশীলন কৰিব।

কাইলৈ গুৱাহাটী পাবহি কোহলি, ৰোহিত, ৰাহুল, বুমৰাহসহ ৭ জন ক্ৰ্কেটাৰ। ৯ জানুৱাৰীৰ বিয়লি ১ বজাৰ পৰা ৪ বজালৈ শ্ৰীলংকাই আৰু ভাৰতীয় দলে ৫ বজাৰ পৰা ৮ বজালৈ অনুশীলন কৰিব৷

ইয়াৰ উপৰিও, বর্ষাপাৰা এদিনীয়াত থাকিব গ্ৰীণ কৰিড’ৰ থকাৰ উপৰিও ১০ জানুৱাৰীৰ এদিনীয়াৰ বাবে সাজু কৰিব হেলিকপ্টাৰৰ ব্যৱস্থা।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তৎপৰ হৈ পৰিছে অসম ক্ৰিকেট সন্থা। উল্লেখ্য যে সাপ খেদিবলৈ ৩৫ হাজাৰ টকাৰ বিনিময়ত এন জি অ’টোক দায়িত্ব দিয়া হৈছে। NGOৰ সহযোগত অহৰ্নিশে কাম কৰিছে ACA।