আলফা (স্বাঃ)ৰ শীৰ্ষ নেতা সংগ্ৰাম অসমৰ আত্মসমৰ্পণ, প্ৰায় ২৫ বছৰৰ মূৰত উভতিল মূলসুঁতিলৈ

0
67

আলফা (স্বাধীন) ৰ শীৰ্ষ নেতা মেজৰ বুবুল চন্দ্ৰ বৰুৱা ওৰফে মেজৰ সংগ্ৰাম অসম ওৰফে সংগ্ৰাম শইকীয়াই ম্যানমাৰৰ পৰা আহি কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ত আত্মসমৰ্পণ কৰে।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হিৰেন চন্দ্ৰ নাথৰ সন্মুখত আত্মসমৰ্পণ কৰে সংগঠনটোৰ শীৰ্ষ নেতাজনে।

চৰাইদেউ জিলাৰ সোণাৰি থানাৰ অন্তৰ্গত মিৰিপথাৰ ভজো গাঁৱত জন্ম লোৱা ৪৮ বছৰীয়া সংগ্ৰাম অসমে ১৯৯৭ চনৰ জুন মাহত সোণাৰি মহাবিদ্যালয়ত স্নাতক শ্ৰেণী পঢ়ি থকা সময়তে আলফা (স্বাঃ)ত যোগদান কৰিছিল।

সংগঠনটোত যোগদান কৰি ম্যানমাৰৰ কন্যাক এলেকা আৰু টাগা কেম্পত বিভিন্ন অস্ত্ৰ-শস্ত্ৰ আৰু চিকিৎসা বিভাগৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। প্ৰশিক্ষণ সমাপ্ত কৰি তেওঁ ১৯৯৮ চনৰ পৰা আলফাৰ আন কেডাৰসকলক প্ৰশিক্ষণ প্ৰদান কৰা কামত ব্যস্ত হৈছিল।

পৰৱৰ্তী পৰ্যায়ত অৰ্থাত ২০১১ চনৰ পৰা তেওঁ ম্যানমাৰস্থিত টাগা কেম্পৰ প্ৰশিক্ষণ আৰু চিকিৎসা বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰিছিল।

জানিব পৰা অনুসৰি, ২০১১ চনৰ পৰা ২০১৯ চনলৈ সংগ্ৰাম অসমে ১৮টা বিভিন্ন গ্ৰুপত প্ৰায় ৭০০ জন আলফা সদস্যক অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ দিয়াৰ লগতে ১৭টা গ্ৰুপত প্ৰায় ১৫০ জন সদস্যক চিকিৎসা বিভাগৰ প্ৰশিক্ষণ দিছিল।

২০১৮ চনত সংগঠনৰ মেজৰ পদলৈ পদোন্নতি হোৱা সংগ্ৰাম অসমে সংগঠনত থকাৰ সময়ত আলফাৰ শীৰ্ষ নেতা পৰেশ অসম, মাইকেল ডেকা ফুকন, নয়ন অসম, গণেশ অসম, গোলাপ অসম আদিৰ সম্পৰ্কলৈ আহিছিল।

এইগৰাকী নেতাৰ আত্মসমৰ্পণ সুৰক্ষা বাহিনীৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।