চেলফিয়ে কাল হ’ল ৪গৰাকী যুৱতীৰ বাবে; চেলফি তোলাৰ সময়তে প্ৰাণ গ’ল ৪ যুৱতীৰ

0
38078

চেলফিয়ে কাল হ’ল ৪গৰাকী যুৱতীৰ বাবে; চেলফি তোলাৰ সময়তে প্ৰাণ গ’ল ৪ যুৱতীৰ

চেলফিয়ে কাল হ’ল কৰ্ণাটকৰ চাৰিগৰাকী যুৱতীৰ বাবে ৷ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ সীমান্তৱৰ্তী গাঁৱত অৱস্থিত কিতাৱাড়া জলপ্ৰপাতলৈ ভ্ৰমণলৈ গৈছিল চাৰিগৰাকী যুৱতী৷

ক্ৰমে মুজাৱাৰ (১৭), কুডছিয়া হাছাম পেটেল (২০), ভিষ্টি (২০) আৰু তাছমিয়া (২০) ৷ যুৱতী কেইগৰাকী বেলাগাৱী জিলাৰ বাসিন্দা ।

মৃত আছিয়া মুজাৱাৰ , কুডছিয়া হাছাম পেটেল , ভিষ্টি আৰু তাছমিয়া ক্ৰমে উজ্বল নগৰ ,আনগোলাৰ ,ৰুক্কাশ আৰু জাটপাট কলনীৰ বাসিন্দা বুলি জানিব পৰা গৈছে

উল্লেখ্য যে, বেলাগাৱী জিলাৰ ৪০ গৰাকী যুৱতীয়ে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ সীমান্তৰ কিতাৱাদা জলপ্ৰপাতলৈ ভ্ৰমণলৈ গৈছিল। ভ্ৰমণৰ সময়ত পাঁচগৰাকী যুৱতী চেলফি লোৱাৰ সময়তে পিছলি পৰে ।

পাঁচগৰাকী যুৱতীৰ ভিতৰত ৪গৰাকীৰ মৃত্যু হৈছে আৰু এগৰাকীৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে।