18 C
Guwahati
Thursday, January 20, 2022
More

    ভুল নকৰিব কাশ্মীৰ বা উত্তৰাখণ্ড নহয়, দেশৰ সবাতোকৈ গৰমৰ ঠাই, য’ত এইবাৰ শীতত অবিশ্বাস্য ভাৱে বৰফ পৰিছে

    ভুল নকৰিব কাশ্মীৰ বা উত্তৰাখণ্ড নহয়, দেশৰ সবাতোকৈ গৰমৰ ঠাই, য’ত এইবাৰ শীতত অবিশ্বাস্য ভাৱে বৰফ পৰিছে

    দেশত সাধাৰণতে বৰফ পৰা ঠাই বুলি কলে পোনচাতেই মনলৈ আহে কাশ্মীৰ বা উত্তৰাখণ্ডৰ কথা। তাৰ বাহিৰে মাজে সময়ে কেতিয়াবা দুই এখন ঠাই এই তালিকাত প্ৰৱেশ কৰে। কিন্তু এইবাৰ অবিশ্বাস্য ভাৱে এখন ঠাইয়ে এই বৰফ পৰা ঠাইৰ নামৰ তালিকাত প্ৰৱেশ কৰিছে।

    য’ত বৰ্তমানে গছ-গছনীৰ পাত আদি বৰফ জমা হৈছে। এই দৃশ্য মৰুভুমিৰ ঠাই ৰাজস্থানৰ। হয়, নিজৰ চকুকেই বিশ্বস কৰিবলৈ টান হলেও সঁচা। এইবাৰ ৰাজস্থানত মাইনাছৰ ঘৰত শীত।

    পাহাৰৰ দিশৰ পৰা অহা শীতৰ প্ৰবাহে এইদৰে বৰফৰ চাদৰ পেলাইছে মৰভুমিত। প্ৰথমবাৰৰ বাবে এনে দৃশ্য দেখিবলৈ পোৱা গৈছে ৰাজস্থানত।

    বিগত ৫ টা দিন ধৰি ৰাজ্যখনৰ কেইবাখনো জিলাত তাপমাত্ৰা ০ ডিগ্ৰী ছেলছিয়াছৰো তলত। সীকৰ জিলাত ২০ বছৰৰ ভিতৰত সৰ্বনিম্ব তাপমাত্ৰা মাইনাছ ৫.২ ডিগ্ৰী ।

    মাউণ্ট আবুত সকলো ফালেই এতিয়া বৰফৰ চাদৰ। পথাৰৰ দৰে খোলা ঠাই, গছ-বিৰিখ সকলোতে বগা বৰফৰ চাদৰ। গছত পাত নাথাকিলেও বৰফ দেখিবলৈ পোৱা গৈছে বহু ঠাইত।

    বাহন সমূহৰ ওপৰতো বৰফ। সাধাৰণ জনজীৱন প্ৰভাৱিত হৈছে এই বৰফ পৰাৰ ফলত। ৰাজ্যখনত এনে বৰফ পৰা দৃশ্য দেখি বহুতেই আনন্দ লাভ কৰাৰ লগতে বহুতেই কষ্ট পাইছে।

    আৰু পঢ়ক : ৰনবীৰ সিঙৰ ‘৮৩’, সুনিল ছেট্টীয়ে চিনেমাখন চাই উঠি ক’লে- ছবিখনত ৰনবীৰ সিং নাছিলেই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং