27 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে নামনি অসমৰ এইখন জিলাত জাৰি কৰিলে ১৪৪ ধাৰা

    ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে নামনি অসমৰ এইখন জিলাত জাৰি কৰিলে ১৪৪ ধাৰা

    অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশনামৰ্মে বঙাইগাঁও জিলাত ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে সাৱধানতামূলক ব্যৱস্থা হিচাপে কিছুমান বাধা নিষেধ আৰোপ কৰি ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰা জাৰি কৰা হৈছে।

    জিলাখনৰ অতিৰিক্ত জিলা দণ্ডাধীশ শ্যামল ক্ষেত্ৰ গগৈৰ এক নিৰ্দেশনাযোগে সমগ্ৰ জিলাখনতে প্ৰযোজ্য হোৱাকৈ আজি এই নিষেধাজ্ঞা জাৰি কৰা হৈছে।

    এই নিষেধাজ্ঞাৰ অধীনত ২২ জুনৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত প্ৰতিদিনে সন্ধিয়া ৫ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ সান্ধ্য আইন বলবৎ কৰা হৈছে।

    সান্ধ্য আইনৰ সময়ছোৱাত সকলো লোক আৰু সকলো যান-বাহনৰ চলাচল বন্ধ থাকিব। অৱশ্যে অত্যাৱশ্যকীয় সেৱা যেনে- চিকিৎসা সম্পৰ্কীয়, আৰক্ষী-প্ৰশাসনৰ লগতে জৰুৰী সেৱাৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব।

    নিষেধাজ্ঞা সমূহ এই ধৰণৰ

    মুকলি বা আবদ্ধ কোনো ঠাইতে সভা বা সমাগমৰ বাবে অনুমতি দিয়া নহ’ব।

    পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব। অৱশ্যে ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীগৰাকীয়ে প্ৰাত্যহিক ধৰ্মীয় কামখিনি কৰি থাকিব পাৰিব।

    মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ১০ জন লোকতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।

    হোটেল, ৰিজৰ্ট আদি খোলা থকা অৱস্থাত সাধাৰণ সময়ৰ দৰেই খোৱা-লোৱা কৰিব পাৰিব।

    সকলো কোভিড বিধি মানি ই-কমাৰ্চৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিব পাৰিব।

    সাপ্তাহিক হাট-বজাৰ আদি বহিবলৈ অনুমতি দিয়া নহ’ব।

    ফাৰ্মাচী, হাস্পতাল, পশু চিকিৎসা কেন্দ্ৰ আৰু পশু ক্লিনিক আদি অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱা হিচাপে কোনো বাধা নোহোৱাকৈ খোলা থাকিব।

    সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান, ৰেষ্টুৰেন্ট, ধাবা, হোটেল-ৰিজৰ্ট আদিৰ ভিতৰত থকা বিক্ৰী কক্ষ, শীতল ভঁৰাল আৰু পন্যাগাৰ, শ্ব’ৰূম আদি প্ৰতিদিনে আবেলি ৪ বজালৈ খোলা ৰাখিবলৈ অনুমতি দিয়া হৈছে।

    পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আন্তঃজিলা যাতায়াত বন্ধ ৰখা হৈছে।

    এই নিৰ্দেশনা উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

    এই নিষেধাজ্ঞা সম্পৰ্কত কাৰোবাৰ কিবা আপত্তি থাকিলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত উপযুক্ত কাৰণ দৰ্শাই সংশোধনৰ বাবে আবেদন জনাব পাৰিব।

    ইনপুট : উত্তম কুমাৰ বৰ্মণ

    আৰু পঢ়ক : বিয়া পাতি উঠি দৰাৰ ঘৰ পোৱাই নাছিল; বাটতে কইনাক বগৰাই লৈ গুৰুলাগুৰুল কৈ পিটন ককায়েকৰ, দৰাই ভেবা লাগি চাই থাকোতেই গ’ল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং