31 C
Guwahati
Friday, September 17, 2021
More

    গোপন সৰবৰাহ, ফলমূলৰ ট্ৰাকৰ পৰা উদ্ধাৰ লাখ লাখ টকাৰ চিগাৰেট

    গোপন সৰবৰাহ, ফলমূলৰ ট্ৰাকৰ পৰা উদ্ধাৰ লাখ লাখ টকাৰ চিগাৰেট

    গোপন সৰবৰাহ, ফলমূলৰ ট্ৰাকৰ পৰা উদ্ধাৰ লাখ লাখ টকাৰ চিগাৰেট। নিলামবজাৰ আৰক্ষীয়ে জব্দ কৰিলে ম্যানমাৰৰ কেইবা লাখ টকাৰ চিগাৰেট। এখন ফলমূলৰ বাহনপ পৰা উদ্ধাৰ বুজন পৰিমাণৰ বিদেশী চিগাৰেট।

    কৰিমগঞ্জৰ অসম মিজোৰাম সীমান্ত ৰাঙামাটি এলেকাৰে সঘনাই বাৰ্মিজ সামগ্ৰী অসমত প্ৰৱেশ কৰি থকাৰ অভিয়োগ বহু পুৰণি। বাজাৰিছড়া আৰক্ষীক এই সন্ধৰ্ভত আগতিয়াকৈ খবৰ জনালেও আৰক্ষীয়ে নিৰ্লিপ্ত ভূমিকা পালন কৰি থাকে বুলি অভিযোগ স্থানীয় লোকৰ।

    এনে অভিযোগ অধিক মাত্ৰাত দৃঢ় হৈ উঠিছে এইবাৰ। যেতিয়া নিলামবজাৰ আৰক্ষীৰ তালাচীত এখন বলেৰো পিকআপ ট্ৰাকৰ(MZ/01/P/0978) পৰা জব্দ কৰা হৈছে ৪০ কাৰ্টুন ম্যানমাৰৰ নিৰ্মিত বাৰ্মিজ চিগাৰেট। লগতে আটক এজন সৰবৰাহকাৰী।

    উল্ল্যেখ, সেই একেই পথৰে মিজোৰামৰ পৰা ৰাঙামাটি এলেকাদি বাজাৰিছৰা আৰক্ষী থানা অতিক্ৰম কৰি নিলামবজাৰ আহি পায়। জব্দ হোৱা এটা কাৰ্টুনত দুই হেজাৰ কৈ বাৰ্মিজ ছিগাৰেট আছিল।

    ছিগাৰেট আটক হোৱাৰ ঘটনাৰ বিৱৰণ দি কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকে কয়, চিগাৰেট খিনি গুৱাহাটি যোৱাৰ কথা আছিল। জানিবপৰা মতে বাছিত নামৰ এগৰাকী লোকে চোৰাংকৈ চিগাৰেট খিনি মিজোৰামৰ পৰা আনিছিল।

    Input and Photo – Manoj Mohanty

    আৰু পঢ়ক : কোটি কোটি টকাৰ ড্ৰাগছ ৰাজহুৱাকৈ দহন গোলাঘাটত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং