পুলৱামা কাণ্ডৰ আজি দ্বিতীয় বাৰ্ষিকীত তামুলপুৰবাসীয়ে মনত পেলালে বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীক

0
4154
পুলৱামা কাণ্ডৰ আজি দ্বিতীয় বাৰ্ষিকীত তামুলপুৰবাসীয়ে মনত পেলালে বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীক

পুলৱামা কাণ্ডৰ আজি দ্বিতীয় বাৰ্ষিকীত তামুলপুৰবাসীয়ে মনত পেলালে বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীক। আজিৰ দিনটোতে জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাই পথত এক আত্মঘাটী আক্ৰমণত এইদৰে ৪০ সেনাসহ প্ৰাণ হেৰুৱাইছিল অসমৰ মনেশ্বৰ বসুমতাৰীয়ে।

দেশ কপোৱা সন্ত্ৰাসবাদী আক্ৰমণ সেই পুলৱামা কাণ্ডৰ আজি দ্বিতীয় বৰ্ষ৷ উক্ত ঘটনাতে শ্বহীদ হৈছিল তামুলপুৰ মহকুমাৰ কলবাৰী নিবাসী চি আৰ পি এফৰ জোৱান মনেশ্বৰ বসুমতাৰীয়ে ৷

বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকীত পৰিয়াল তথা স্থানীয় ৰাইজে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ ৷ বীৰ শ্বহীদ গৰাকীৰ শ্বহীদ বেদীৰ তলত সামুহিক বাথৌ ধৰ্মৰ আৰজ(প্ৰাৰ্থনা)ৰে শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ গৰাকী পত্নী, পুত্ৰ, জীয়ৰী , আত্মীয় স্বজনে ৷

শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলী অৰ্পন কৰে ভাৰতীয় সেনাৰ বিহাৰ ৰেজিমেণ্টৰ বিষয়া সকলেও ৷ বাৰ্ষিক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি বীৰ শ্বহীদ গৰাকীৰ বিভিন্ন স্মৃতি সংৰক্ষনৰ বাবে এক স্মৃতি ভৱনৰো মুকলি কৰা হয় ৷

আৰু পঢ়ক : “প্ৰধানমন্ত্ৰীয়ে অসমত জুই লগাবলৈ আহে”- জয় আই অসম ধ্বনিৰে অসমবাসীক সম্বোধন কৰিলে ৰাহুল গান্ধীয়ে