
ছেবা কৰ্তৃপক্ষই ঘোষণা কৰিলে বাতিল হোৱা পৰীক্ষাৰ নতুন সূচী
১ এপ্ৰিলত অনুষ্ঠিত হ’ব বাতিল কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষা। উল্লেখ্য যে প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বাতিল কৰা হৈছিল মাতৃভাষা বিষয়ক পৰীক্ষা।
শনিবাৰে অৰ্থাৎ ১৮ মাৰ্চত হ’ব লগীয়া আছিল এই পৰীক্ষাটো। প্ৰশ্নকাকত ফাদিলৰ বাবে বাতিল হোৱা পৰীক্ষাৰ নতুন সূচী ঘোষণা কৰিলে ছেবা কৰ্তৃপক্ষই। ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে সদৰী কৰা মতে ১ এপ্ৰিল,২০২৩ ৰ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব অসমীয়া বিষয়ক পৰীক্ষা।