শনিবাৰে গহপুৰৰ ডিফলুত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল ৫ গৰাকীকৈ যাত্ৰী। খাৱৈৰ পৰা উদ্ধাৰ কৰা হৈছিল লোককেইজনৰ মৃতদেহ। পথ দুৰ্ঘটনাটোৰ ফলত আৰু লোক খাৱৈটোত থকাৰ সন্দেহত আজি পুনৰ আৰম্ভ কৰে উদ্ধাৰ অভিযান। ঘটনাস্থলীত SDRF বাহিনী উপস্থিত অব্যাহত ৰাখে এই অভিযান।

ইফালে ১৫ নং ঘাইপথটোত সঘনাই সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত গতিৰোধ নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে।
উল্লেখ্য যে, শনিবাৰে গহপুৰৰ ডিফলুত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ৫ গৰাকীকৈ যাত্ৰী নিহত হৈছিল। এখন দ্ৰুতবেগী ট্ৰাকে মেক্সিম’ গাড়ীক বিপৰীত দিশৰ পৰা আহি খুন্দিওৱাৰ ফলত দ খাৱৈত বাগৰি পৰিছিল মেক্সিম’খন। দুৰ্ঘটনাটোত নিহত ৫গৰাকী লোকৰ মৃতদেহ শনিবাৰেই উদ্ধাৰ কৰা হৈছিল।