
দিল্লীৰ তীছ হাজাৰী আদালতত অধিবক্তা আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ। ৰিপৰ্ট অনুসৰি আৰক্ষীয়ে চলাইছিল গুলী। আৰক্ষীৰ গুলীয়াগুলীৰ পিছত অধিবক্তাসকল উত্তেজিত হৈ উঠে, ক্ষোভিত অধিবক্তসকলে আৰক্ষীৰ গাড়ী ভাঙি চূৰমাৰ কৰে। ইয়াৰোপৰি অধিবক্তাসকলে আৰক্ষীৰ কেইবাজনো বিষয়াক মাৰধৰো কৰে।
লগতে আদালতৰ সমীপত ৰৈ থকা গাড়ীসমূহো জ্বলাই দিয়ে। এই হিংসাত্মক ঘটনাত এজন অধিবক্তা গুৰুতৰভাৱে আহত হয়। আহত অধিবক্তাগৰাকীক ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হয়।

জানিবলৈ দিয়া অনুসৰি, তীছ হাজাৰী আদালতৰ লকআপৰ বাহিৰত অধিবক্তা আৰু আৰক্ষীৰ মাজত তুমুল সংঘৰ্ষ হয়। থাৰ্ড বেটালিয়নৰ আৰক্ষীয়ে অধিবক্তাৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ। এই ঘটনাৰ পিছতে আদালতত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনাস্থলীত পিচিআৰৰ গাড়ী জ্বলাই দিয়ে। লগতে আদালতৰ সমীপত ৰৈ থকা গাড়ীসমূহো জ্বলাই দিয়াৰ লগতে ভাঙি চূৰমাৰ কৰে।
