হাবি-জংঘলে আৱৰিছে মেধাৱী ছাত্ৰীক দিবলৈ অনা শ শ স্কুটী

0
317

হাবি-জংঘলে আৱৰিছে মেধাৱী ছাত্ৰীক দিবলৈ অনা শ শ স্কুটী

লখিমপুৰৰ ত্যাগক্ষেত্ৰত পৰিতক্ত অৱস্থাত ৩০৩ খন স্কুটী। হাবি-জংঘলে আৱৰিছে, স্কুটীৰ ওপৰত গজিছে বন। ছাত্ৰীক স্কুটী যোগানক লৈ কানসাৰ নাই অসম চৰকাৰৰ ।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ২০১৬ চনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ২০১৭ , ২০১৮ আৰু ২০১৯ বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৰাজ্যৰ সকলোবোৰ কৃতি ছাত্ৰীক বঞ্চিত কৰি অলপতে ৰাজ্যত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যোৱা জানুৱাৰী মাহত কেৱল ২০২০ বৰ্ষত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলকহে একোখনকৈ স্কুটী প্ৰদানৰ বাবে যি কাৰ্যসূচী গ্ৰহণ কৰিছিল উক্ত কাৰ্যসূচীৰ অধীনত লখিমপুৰত বিতৰণ কৰিবলৈ থাকি যোৱা ৩০৩ খন স্কুটী বৰ্তমান লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত ৰ’দ-বৰষুণত মূক্তৰূপতে পেলাই ৰখাৰ পৰিণতিত ক্ৰমাৎ জহি-খহি যোৱাৰ দিশে অগ্ৰসৰ হোৱাহে পৰিলক্ষিত হৈছে।

উল্লেখ্য যে , যোৱা ২ আৰু ৩ জানুৱাৰীত লখিমপুৰ জিলাৰপৰা ২০২০ বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কলা , বিজ্ঞান আৰু বাণিজ্য শাখাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৮১৬ গৰাকী ছাত্ৰীক অসম চৰকাৰৰ নিৰ্দেশনামৰ্মে লখিমপুৰ জিলা প্ৰশাসনে স্কুটী বিতৰণৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছিল তাৰবাবে যোৱা ২০২০ বৰ্ষৰ ডিচেম্বৰ মাহতে লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত জমা কৰা হৈছিল জিলাখনৰ বাবে প্ৰয়োজনীয় ৮১৬ খন স্কুটী।

যোৱা ২ জানুৱাৰীত জিলাখনলৈ আহি অসম চৰকাৰৰ হৈ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে উক্ত স্কুটী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভও কৰিছিল। জিলা প্ৰশাসনে সেই সময়ত দুদিনৰ ভিতৰত কেৱল মাত্ৰ ৪৩৬ খন স্কুটিহে বিতৰণ কৰিবলৈ সক্ষম হোৱাত যোৱা ছমাহ ধৰি বৰ্তমানো ত্যাগক্ষেত্ৰত ৰ’দ – বৰষুণত মূক্তৰূপতে পৰি আছে বিতৰণৰ বাবে বাকী থকা ৩০৩ খন স্কুটী ।

Input and Photo- Hassinur Alom

আৰু পঢ়ক : অবৈধ সম্পৰ্কৰ কলংক মচিবলৈ, জন্মৰ পিছতে সন্তানক হত্যা খুৰাকৰ