অভয়াপুৰীত লজ্জাজনক ঘটনা ! বিজ্ঞানৰ শিক্ষকে হোৱাটছ আপত ছাত্ৰীক দিলে অশ্লীল ইংগিত

0
6486

অভয়াপুৰীত লজ্জাজনক ঘটনা ! বিজ্ঞানৰ শিক্ষকে হোৱাটছ আপত ছাত্ৰীক দিলে অশ্লীল ইংগিত

অভয়াপুৰীৰ সৃজনগ্ৰামত শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। সৃজনগ্ৰামৰ এখন ব্যক্তিগত বিদ্যালয়ত এইবাৰ এজন বিজ্ঞানৰ শিক্ষকে বিজ্ঞান ছাৰে বিজ্ঞানৰ সুত্ৰ শিকোৱাৰ পৰিৱৰ্তে শিকাইছে প্ৰেমৰ সুত্ৰ। শিক্ষক জনৰ নাম আব্দুল আলিম।

জানিব পৰা মতে সৃজনগ্ৰামৰ এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত এই আব্দুল আলিম। এই শিক্ষক জনে টিউচন কৰাৰ চলেৰে ছাত্ৰীৰ স’তে গঢ়ে প্ৰেমৰ সম্পৰ্ক। ইয়াৰ বাহিৰেও ছাত্ৰী সকলক তেওঁ অশ্লীল ইংগিতো দিয়ে। আৰু ছাত্ৰী সকলৰ পৰা ফোনৰ নম্বৰ লৈ হোৱাটছ আপত পাতে প্ৰেমৰ কথা ৷

বহুদিনৰ পৰাই শিক্ষক জনে এই কাম কৰি আছিলে। পূৰ্বতেও আন অপকৰ্ম কৰি ধৰাও পৰিছিল আব্দুল আলিম। কিন্তু ৰাইজৰ ওচৰত ক্ষমা খোজাৰ বাবে ৰেহাঁই দিছিল স্থানীয় লোক সকলে। কিন্তু তাৰ পিছত পুনৰ আৰম্ভ কৰিলে এনে ধৰণৰ কাৰ্যকলাপ। কিন্তু বৃহস্পতিবাৰে পুনৰ ৰাইজৰ ৰোষত পৰে বিজ্ঞান ছাৰ।

পিছত কাণত ধৰি আঠু কাঢ়ি স্বীকাৰ কৰিলে নিজৰ দোষ । স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আব্দুল আলিমক আটক কৰিছে।ইপিনে বিজ্ঞান ছাৰৰ এই কাৰ্যত লজ্জিত বিদ্যালয় কৰ্তৃপক্ষ ৷তাৰ পিছতেই লগে লগে বিদ্যালয়ৰ পৰা বহিস্কাৰ কৰিলে বিজ্ঞান ছাৰক ৷