27 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কভিড হ্ৰাস! চৰকাৰৰ সিদ্ধান্ত- গৰম বন্ধৰ পাছতে ২ আগষ্টৰ পৰা খুলিব ১০-১২ শ্ৰেণীৰ বাবে বিদ্যালয়

    কভিড হ্ৰাস! চৰকাৰৰ সিদ্ধান্ত – গৰম বন্ধৰ পাছতে ২ আগষ্টৰ পৰা খুলিব ১০-১২ শ্ৰেণীৰ বাবে বিদ্যালয় :-

    কভিড সংক্ৰমণ কিছু হ্ৰাস হোৱাই এইখন ৰাজ্যৰ চৰকাৰৰ সিদ্ধান্ত । গৰম বন্ধ খোলাৰ পাছতে ২ আগষ্ট তাৰিখে খোল খাব বিদ্যালয়। আৰম্ভণিতে কেৱল দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ। তাৰ পাছতহে পৰিস্থিতিলৈ লক্ষ্য ৰাখি অন্য শ্ৰেণী বোৰৰো পাঠদান আৰম্ভ কৰা হব।

    এই সিদ্ধান্ত গ্ৰহণ কৰিছে চত্তীছগড়ৰ চৰকাৰে। লগতে শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৫০ শতাংশ ৰখাৰ নিৰ্দেশ। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ অধ্যক্ষতাত হোৱা এক বৈঠকৰ অন্ততে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

    কৰণাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পিছৰে পৰা বিগত মাৰ্চৰ পৰা বৰ্তমানলৈ ৰাজ্যখনত শিক্ষানুষ্ঠান বন্ধ আছে। সেয়ে এতিয়া কৰণাৰ সংক্ৰমণ কিছু হ্ৰাস হোৱাই পুনৰ শিক্ষানুষ্ঠান আৰম্ভ কৰাৰ সিদ্ধান্ত।

    অৱশ্যে এতিয়াও অনলাইন পাঠদান বন্ধ নহয় বুলি সদৰি কৰে। যিহেতু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক সেয়ে শ্ৰেণী কোঠাত পাঠদান আৰম্ভ হলেও অনলাইন পাঠদানো চলি থাকিব । লগতে অন্য শ্ৰেণী সমূহৰ শ্ৰেণী পাঠদান কেতিয়াকৈ আৰম্ভ হব সেই সন্দৰ্ভত পৰৱৰ্তী সময়ত সিদ্ধান্ত হব বুলি সদৰি কৰে।

    আৰু পঢ়ক : ছলমান খানৰ পৰিয়াল, ডুবাইত থাকে পত্নী নুৰ আৰু ১৭ বছৰীয়া কন্যা ! ছলমানে নিজেই দিলে এই বিষয়ত উত্তৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং