26 C
Guwahati
Thursday, September 16, 2021
More

    কৰ’ণাৰ মাজতেই ২ আগষ্টৰ পৰা বিদ্যালয় খোলাৰ অনুমতি চৰকাৰৰ

    কৰ’ণাৰ মাজতেই ২ আগষ্টৰ পৰা বিদ্যালয় খোলাৰ অনুমতি চৰকাৰৰ

    কৰ’ণা মহামাৰীৰ বাবে মাহ ধৰি বন্ধ হৈ থকা বিদ্যালয় সমূহ খোলাৰ বাবে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আইচিএমআৰ) অনুমতি দিয়াৰ পিছতে হিমাচল প্ৰদেশে বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত লয়।

    কৰ’ণা প্ৰট’কল অনুসৰণ কৰি ২ আগষ্টৰ পৰা দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীলৈ বিদ্যালয় সমূহ খোলাৰ অনুমতি দিয়ে ৰাজ্যখনে।

    অৱশ্যে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে কোনো বিষয়ত কিবা দোমোজা থাকিলে শিক্ষকৰ পৰামৰ্শ ল’বলৈ বিদ্যালয়লৈ আহিব পাৰিব।

    হিমাচল প্ৰদেশৰ জয়ৰাম ঠাকুৰ চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি, ৰাজ্যখনৰ প্ৰশিক্ষণ কেন্দ্ৰ, টিউচন কেন্দ্ৰ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহো ২৬ জুলাইৰ পৰা খোলাৰ অনুমতি দিয়া হৈছে। এই প্ৰতিষ্ঠানবোৰে কৰোনা প্ৰট’কল অনুসৰণ কৰিব লাগিব।

    শিশুসকলৰ অনলাইন অধ্যয়ন আগৰ দৰেই অব্যাহত থাকিব।

    একে সময়তে, গৱেষকসকলক গৱেষণাৰ বাবে বিশ্ববিদ্যালয়লৈ আহিবলৈ অনুমতি দিয়া হৈছে। ইয়াৰ বাবে নিৰ্দেশনা বিশ্ববিদ্যালয় প্ৰশাসনে শীঘ্ৰেই জাৰী কৰিব।

    আৰু পঢ়ক : কোন এইগৰাকী সুন্দৰী যুৱতী, যিয়ে ৰাজ কুন্দ্ৰাৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে..

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং